জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি নতুন দিল্লীৰ অসম ভৱনত ছিংগাপুৰৰ উচ্চায়ুক্তৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকৰ অন্তত ড০ শৰ্মাই সাংবাদিকৰ আগত ছিংগাপুৰ আৰক্ষীয়ে শীঘ্ৰেই তদন্তৰ সবিশেষ প্ৰকাশ কৰিব বুলি জানিবলৈ দিয়ে। ছিংগাপুৰ আৰক্ষীয়ে অনুমতি দিলে তদন্তৰ বাবে এছ আই টিৰ দল অতি সোনকালে ছিংগাপুৰলৈ যাব বুলিও মুখ্যমন্ত্রীয়ে লগতে প্রকাশ কৰে ৷ জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত পেছাদাৰীভাৱে চলিছে বুলি উল্লেখ কৰি তেওঁ অসমবাসীক ধৈর্য ধৰিবলৈ আৰু চৰকাৰ তথা ন্যায়ালয়ৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনায় ৷
এটা মহলে নিৰ্বাচনৰ পূৰ্বে অসমক অশান্ত কৰাৰ চেষ্টা চলাই আহিছে বুলি উল্লেখ কৰি বাক্সাৰ নিকাছিৰ ঘটনা ইয়াৰে অংশ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়। আজিৰ বাক্সাৰ ঘটনাক অতি দুখজনক আখ্যা দি মুখ্যমন্ত্ৰীয়ে কাৰোবাৰ উচতনিত ৰাইজক আইন হাতত তুলি নল’বলৈ আহ্বান জনায়। নিৰ্ধাৰিত সময়তকৈ আগেয়ে জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ সন্দৰ্ভত অভিযোগনামা দাখিল কৰিব পৰা যাব বুলিও ড০ শৰ্মাই সাংবাদিকৰ আগত কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে আজি নতুন দিল্লীত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰকো সাক্ষাৎ কৰে।