ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

August 30, 2025 8:29 PM | CM Scooty

printer

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক স্কুটী প্ৰদান

অসম ৰাজ্যিক গ্রামীণ জীৱিকা অভিযানৰ সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পৰ্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক আজি স্কুটী প্ৰদান কৰা হয়। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই সমূহীয়া কেডাৰ হিচাপে কাম কৰা মহিলাসকলক স্কুটী বিতৰণ কৰাৰ লগতে ক্লাষ্টাৰ পৰ্যায়ৰ সংস্থালৈ ৫১ খন ব্যৱসায় বাহন প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীয়ে প্ৰতিগৰাকী জীৱিকা সখীক অৰুণোদয় আঁচনিৰ জৰিয়তে সামৰি লোৱা হ’ব বুলি ঘোষণ কৰে। তেওঁ কয়, যে ৰাজ্যৰ ২০ হাজাৰৰো অধিক জীৱিকা সখী, কৃষি সখী, বেংক সখী আৰু অন্য সাহীক কর্মীসকলে আত্মসহায়ৰ গোটসমূহৰ অগ্ৰগমী যাত্ৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আজিৰ অনুষ্ঠানত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস, গুৱাহাটীৰ সাংসদ বিজুলী কলিতা মেধিৰ লগতে ভালে সংখ্যক শীর্ষ নেতা উপস্থিত থাকে। এই মহিলাসকলক স্কুটী প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কাম-কাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্রাস তথা উপাৰ্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁও নিৰ্মাণৰ পথ প্ৰশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে।