সদৌ অসম সত্ৰ মহাসভাই ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ দৃঢ় আৰু সময়োচিত সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে। গুৱাহাটী প্ৰেছ ক্লাবত আজি অনুষ্ঠিত এখন সংবাদ মেলত সদৌ অসম সত্ৰ মহাসভাৰ প্ৰধান সম্পাদক তথা নগাঁৱৰ শ্ৰীশ্ৰীজগৰাল সত্ৰৰ সত্ৰাধিকাৰ প্ৰান্তিক গোস্বামীয়ে কয়, যে ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমিৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ভাষা- সংস্কৃতি সুৰক্ষাৰ বাবে মুখ্যমন্ত্রী ড° শৰ্মাই লোৱা ভূমিকা সঁচাকৈয়ে প্ৰশংসনীয় আৰু আদৰণীয়। তেওঁ লগতে কয়, যে সদৌ অসম সত্র মহাসভাই গোৱালপাৰাত স্থাপন কৰা আই খেসুতী বিশ্ববিদ্যালয়ত অহা ডিচেম্বৰৰ পৰা গৱেষণাৰ পাঠ্যক্ৰমেৰে শ্ৰেণীসমূহ আৰম্ভ কৰাৰ চিন্তা-চৰ্চা কৰা হৈছে। এই ক্ষেত্ৰত প্ৰয়োজনীয় অনুমতিৰ বাবে ৰাজ্য চৰকাৰ আৰু বিশ্ববিদ্যালয় অনুদান আয়োগৰ লগত যোগাযোগ কৰি থকা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে। প্রধান সম্পাদক গোস্বামীয়ে সংবাদমেলত ঘোষণা কৰে যে অসমৰ সত্ৰসমূহৰ তথ্য সম্বলিত এখন গ্ৰন্থ এবছৰৰ ভিতৰত প্ৰকাশ কৰিবলৈ সদৌ অসম সত্র মহাসভাই সিদ্ধান্ত গ্ৰহণ কৰিছে। ইয়াৰ বাবে শিক্ষাবিদ, সাহিত্যিক, গৱেষক-পণ্ডিতসকলক লৈ এখন উচ্চ পৰ্যায়ৰ সমিতি গঠন কৰা হৈছে বুলি লগতে তেওঁ জানিবলৈ দিয়ে।
Site Admin | June 21, 2025 6:30 PM | CM
ৰাজ্যৰ সকলো সত্ৰৰ ভূমি দখলমুক্ত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ বাবে মুখ্যমন্ত্ৰীক কৃতজ্ঞতা জ্ঞাপন সদৌ অসম সত্ৰ মহাসভাৰ
