দুদিনীয়া কাৰ্যসূচীৰে ৰাজ্যত পালন কৰা ষট্ পূজাৰ আজি সামৰণি পৰে। পূজা উপলক্ষে কালি ৰাজ্যখনত বাস কৰা হিন্দীভাষী উত্তৰ-ভাৰতীয় লোকসকলে বিভিন্ন প্রান্তৰ নৈৰ পাৰ, ঘাটসমূহত নৈবদ্য আগবঢ়াই আৰাধনা কৰে। কালি নিশাটো বিভিন্ন সাংস্কৃতিক আৰু আধ্যাত্মিক কাৰ্যসূচীৰ মাজেৰে নৈৰ ঘাটতে থাকি ভক্তসকলে আজি পুৱা উদিত সূৰ্য্যক প্রণাম কৰি পূজা-অর্চনা আগবঢ়ায়।
অসমৰ বিভিন্ন জিলাত এই পূজা অনুষ্ঠিত হয়। গোৱালপাৰা জিলাৰ ব্ৰহ্মপুত্ৰৰ কছাৰীঘাটত কালি বিয়লিৰ পৰা অগণন লোকে ফল-মূল, পিঠাপনা আদি আগবঢ়াই অস্তমিত সূৰ্য্য দেৱতাক আৰাধনা কৰি আজি পুৱা উদিত সূর্য্যক ভক্তসকলে আৰাধনা কৰে। কামৰূপ জিলাৰ আমিনগাঁৱৰ শৰাইঘাট দলঙৰ সমীপত ব্ৰহ্মপুত্ৰৰ পাৰত আজি বহু লোক সমবেত হৈ এই পূজা সম্পন্ন কৰে। গুৱাহাটী মহানগৰীৰ পাণ্ডুঘাট, পাণবজাৰ, উজানবজাৰ, খাৰঘূলিকে ধৰি ভিন্ন অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত সমবেত হৈ ভক্তসকলে অস্তমিত সূর্য্যলৈ নৈবদ্য আগবঢ়োৱাৰ লগতে আজি পুৱা উদিত সূর্যক প্রণাম জনায়।
মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি পুৱা পাণ্ডুঘাটত গৈ ষট পূজা কাৰ্যসূচীত অংশগ্ৰহণ কৰে। শিলচৰত এই উৎসৱ উপলক্ষে বৰাক নদীৰ অন্নপূর্ণা ঘাট, ৰংপুৰ ঘাট, বৰম বাবা, এন আই টি শিলচৰৰ জলাশয়ৰ ভালেসংখ্যক লোক সমবেত হৈ পূজা-অর্চনা কৰে। হোজাই জিলাৰ লংকা লংকেশ্বৰী ষট্ ঘাটত পূজা সমিতিয়ে দুদিনীয়া কাৰ্যসূচীৰে ষট্ পূজা পালন কৰে।
পশ্চিম কাৰ্বি আংলং জিলাৰ খেৰণী, বৈঠালাংছ‘ আৰু হামৰেণত বাস কৰা ভোজপুৰী সম্প্ৰদায়ৰ লোকসকলৰ লগতে বঙালী সম্প্ৰদায়ৰ লোকসকলেও এই পূজাত অংশগ্ৰহণ কৰে। শিৱসাগৰ জিলাৰ বিভিন্ন স্থানতো এই উৎসৱৰ আয়োজন কৰা হয়।
 
									 
		 
									 
									 
									 
									