ৰাজ্য চৰকাৰে পূৰ্বে দিয়া প্ৰতিশ্ৰুতি অনুসৰি এক লাখ নিযুক্তি অতিক্ৰম কৰিছে বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰে। আজি খানাপাৰাৰ পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত ২৩ হাজাৰ ৯৫৬ গৰাকী উচ্চ আৰু নিম্ন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকক নিয়মীয়া পদৰ নিযুক্তি পত্ৰ প্ৰদান কৰি তেওঁ এই কথা প্ৰকাশ কৰে। তেওঁ কয় যে আজি নিযুক্তি দিয়া শিক্ষকসকলক ধৰি বৰ্তমান ৰাজ্য চৰকাৰে নিযুক্তি দিয়া পদৰ সংখ্যা এক লাখ ২৪ হাজাৰ ৩৪৫ হৈছে। অহা বছৰ আৰু ৫০ হাজাৰ নিযুক্তি প্ৰদানৰ বাবে চৰকাৰে লক্ষ্য লৈছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ড° শৰ্মাই স্বাধীনতাৰ পাছত ৰাজ্যত কোনো এখন চৰকাৰেই এক লাখ নিযুক্তি দিবলৈ সক্ষম হোৱা নাছিল বুলি মন্তব্য কৰি তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি অনুসৰি আজি এক লাখ নিযুক্তি সম্পূৰ্ণ হ‘ল সেয়েহে আজি ৰাজ্যখনৰ যুৱক-যুৱতীলৈ তেওঁ অভিনন্দন জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰী ড° শৰ্মাই বৰ্তমান চৰকাৰৰ অধীনত কোনো ধৰণৰ উৎকোচ নিদিয়াকৈয়ে যোগ্যতাৰ ভিত্তিত যুৱক-যুৱতীসকলে চাকৰি লাভ কৰাটো সম্ভৱ হৈ উঠিছে বুলি মন্তব্য কৰে। ৰাজ্যৰ শিক্ষা বিভাগ, আৰক্ষী বিভাগ আদিত এই নিযুক্তি প্ৰদান কৰা হ‘ব বুলি তেওঁ উল্লেখ কৰে। আজি নিযুক্তি লাভ কৰা শিক্ষক-শিক্ষয়িত্ৰীসকলে নিযুক্তি প্রক্রিয়া সন্দৰ্ভত যিকোনো ওজৰ-আপত্তি দাখিলৰ বাবে আজিৰ পৰা অহা ৮ ছেপ্তেম্বৰলৈকে প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প‘ৰ্টেল dee.assam.gov.in মুকলি কৰিব বুলি ঘোষণা কৰিছে। তদুপৰি নথিপত্ৰ পৰীক্ষণ সম্পৰ্কীয় কাৰণত আবেদন স্থগিত ৰখা ৮৩৪ জন প্রার্থীয়ে প‘ৰ্টেলত থকা লিংকত ওজৰ-আপত্তিৰ লগতে নথিপত্র দাখিল কৰিব পাৰিব। চূড়ান্ত বাছনি তালিকাত স্থান লাভ কৰা শিক্ষকসকলৰ নিযুক্তিপত্ৰ জিলা আৰু বিদ্যালয়ৰ নামৰ ক্ষেত্ৰত কিবা অমিল ধৰা পৰিলে সেই অভিযোগো প‘ৰ্টেলত সন্নিবিষ্ট হৈ থকা লিংকৰ জৰিয়তে দাখিল কৰিব পাৰিব। প্ৰতিটো ওজৰ আপত্তিৰ বিপৰীতে সমৰ্থিত নথিপত্র দাখিল কৰিব লাগিব। প’ৰ্টেলৰ জৰিয়তে দাখিল কৰা নথিপত্ৰসমূহ পৰীক্ষা কৰি যোগ্য প্রার্থীসকলক নিযুক্তিপত্ৰ প্ৰদান কৰা হ‘ব।
Site Admin | September 2, 2024 6:04 PM | CM requitment
খানাপাৰাত ২৩,৯৫৬ গৰাকী শিক্ষকক মুখ্যমন্ত্ৰীৰ নিযুক্তি পত্ৰ প্ৰদান