ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত মহিলা নিৰ্যাতনৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা লোৱা হয়ঃ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা

অসম চৰকাৰে ৰাজ্যখনত মহিলাৰ ওপৰত হোৱা নিৰ্যাতনৰ ঘটনা ৰোধৰ বাবে তাৎক্ষণিক সিদ্ধান্ত গ্ৰহণ কৰি কাৰ্যকৰী ব্যৱস্থা লয় বুলি মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। তেওঁ কয় যে বিৰোধী পক্ষই সমালোচনা কৰিলেও চৰকাৰে এনে বহু ক্ষেত্ৰত তাৎক্ষণিকভাৱে ন্যায় প্ৰদানৰ ব্যৱস্থা কৰিছে। চৰকাৰে ভৱিষ্যতেও এনে ক্ষেত্ৰসমূহত তাৎক্ষণিকভাৱে ন্যায়ৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰীয়ে আশ্বাস দিয়ে। মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত স্মার্ট মিটাৰ সংস্থাপনৰ প্ৰসংগ উল্লেখ কৰি কয় যে ৰাজ্যখনত স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুতৰ মাচুল বৃদ্ধি হোৱা কথাটো সত্য নহয়। ইয়াৰ বিপৰীতে এই মিটাৰ সংস্থাপনে গ্ৰাহকক মিতব্যয়ীভাৱে বিদ্যুৎ ব্যৱহাৰ কৰাৰহে সুবিধা দিছে বুলি তেওঁ উল্লেখ কৰে। উল্লেখযোগ্য যে স্মার্ট মিটাৰ সংস্থাপনৰ ফলত বিদ্যুৎ মাচুল বৃদ্ধি হোৱা বুলি ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল।

ইপিনে, এ আই ইউ ডি এফ দলে স্মার্ট মিটাৰৰ জৰিয়তে ৰাজ্য চৰকাৰে জনসাধাৰণক লুণ্ঠন আৰু হাৰাশাস্তি কৰাৰ অভিযোগ তুলিছে। দলটোৱে স্মার্ট মিটাৰৰ জৰিয়তে অত্যধিক পৰিমাণে বিদ্যুৎ মাচুল সংগ্ৰহ নকৰিবলৈ চৰকাৰক আহ্বান জনাইছে। তদুপৰি স্মাৰ্ট মিটাৰ লগাবলৈ যোৱা ঠিকাদাৰ পক্ষৰ প্ৰৱঞ্চনা আৰু শক্তি বিভাগৰ নাম লৈ ভয় খুৱাই স্মার্ট মিটাৰ লগাবলৈ বাধ্য কৰোৱা ঠিকাদাৰৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দলটোৱে আহ্বান জনায়।

অধিক পঢ়ক

সকলো চাওক