অসম চৰকাৰে জনসাধাৰণৰ বিৰুদ্ধে যুঁজ দিয়া নাই, বৰঞ্চ সীমান্তৰ সিপাৰৰ পৰা অহা অনিয়ন্ত্ৰিত অনুপ্ৰৱেশকাৰীক প্রতিহত কৰাৰ চেষ্টা চলাইছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে। পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীৰ সামাজিক মাধ্যমৰ এটা পোষ্ট সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আজি এইদৰে কয়। তেওঁ কয়, যে অনুপ্ৰৱেশৰ ফলত ইতিমধ্যে ৰাজ্যৰ জনগাঁথনি ভয়াৱহভাৱে সলনি হৈছে আৰু কেইবাখনো জিলাত হিন্দুসকল নিজ ভূমিতে সংখ্যালঘুত পৰিণত হোৱাৰ উপক্ৰম হৈছে। তেওঁ কয়, যে উচ্চতম ন্যায়ালয়েও এনেধৰণৰ অনুপ্ৰৱেশক বাহ্যিক আগ্রাসন বুলি অভিহিত কৰিছে। অসম চৰকাৰে ভাষা বা ধৰ্মৰ ভিত্তিত জনসাধাৰণক ভাগ ভাগ নকৰে বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে ৰাজ্যখনত অসমীয়া, বাংলা, বড়ো, হিন্দী সকলো ভাষা-ভাষীৰ লোক আৰু সম্প্রদায় শান্তিপূর্ণভাৱে বসবাস কৰি আহিছে। সীমান্ত আৰু সাংস্কৃতিক ভেটি সুৰক্ষিত কৰিব নোৱাৰিলে কোনো সভ্যতা বর্তি থাকিব নোৱাৰে বুলি তেওঁ মন্তব্য কৰে। ড° শৰ্মাই কয় যে বর্তমান চৰকাৰে ৰাজ্যখনৰ ঐতিহ্য, মৰ্যাদা আৰু জনসাধাৰণৰ সুৰক্ষাৰ বাবে যুঁজ দি যাব। ইয়াৰ পূৰ্বে পশ্চিমবংগৰ মুখ্যমন্ত্রী মমতা বেনাৰ্জীয়ে অসম চৰকাৰে অবৈধ দখলকাৰীৰ বিৰুদ্ধে চলোৱা উচ্ছেদ অভিযানক সমালোচনা কৰিছিল আৰু বিজেপি চৰকাৰে সকলো ধৰণৰ সীমা অতিক্ৰম কৰা বুলি অভিযোগ কৰিছিল।
Site Admin | July 19, 2025 7:51 PM | cm reaction mamata banerjee
অসম চৰকাৰৰ উচ্ছেদ অভিযানক লৈ পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ