December 22, 2025 12:00 PM | CM pm namrup

printer

অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ’বঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত উন্নয়নৰ নতুন যুগৰ সুচনা হৈছে আৰু অসমৰ উন্নয়নৰ যাত্ৰাৰ এয়া আৰম্ভণিহে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মন্তব্য কৰিছে। নামৰূপ সাৰ কাৰখানাত কালি নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ অসমক আহোম ৰাজত্বৰ সোণোৱালী দিনবোৰৰ দৰে শক্তিশালী কৰি তোলা হ’ব বুলি উল্লেখ কৰে। নামৰূপৰ নতুন এমনিয়া ইউৰিয়া প্ৰকল্পৰ বাবে কৃষক ৰাইজক অভিনন্দন জনাই প্রধানমন্ত্ৰীগৰাকীয়ে কয়, যে বিকশিত ভাৰতৰ লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত অন্নদাতাসকলৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। তেওঁ কয়, যে নামৰূপত নিৰ্মাণ হ’বলগীয়া এই প্ৰকল্পত বছৰি ১২ লাখ মেট্রিক টনতকৈ অধিক সাৰ উৎপাদন কৰা হ’ব। প্রধানমন্ত্রী মোদীয়ে ভাষণ প্ৰসংগত অসম উত্তৰ-পূব ভাৰতৰ বিকাশৰ ইঞ্জিন হিচাপে পৰিগণিত হ’ব বুলি উল্লেখ কৰি নামৰূপৰ নতুন প্রকল্পই এই পৰিৱৰ্তনকে সূচায় বুলি মন্তব্য কৰে।

অনুষ্ঠানত অংশ লৈ দিয়া ভাষণত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰাজ্যখনৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা প্ৰচেষ্টাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ধন্যবাদ জনায়।

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত অসমে এতিয়া বিকাশ আৰু উন্নয়নৰ নতুন আকাশ চুবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰে। তেওঁ লগতে কয় যে বিকাশমুখী কাম-কাজ আৰু অস্তিত্ব ৰক্ষাৰ যুঁজেৰে চৰকাৰে ৰাজ্যখনক ভৱিষ্যৎ প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিবলৈ প্ৰয়াস কৰিছে। প্রধানমন্ত্ৰীৰ নেতৃত্বত অসমক দেশৰ শ্ৰেষ্ঠ পাঁচখন ৰাজ্যৰ ভিতৰত অন্তৰ্ভুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰে কাম কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে ।

২০৩০ চনৰ ভিতৰত কার্যক্ষম হ’বলগীয়া এই প্ৰকল্পই ৰাজ্যখনক ঔদ্যোগীক দিশত যথেষ্ট লাভান্বিত কৰিব বুলি আশা কৰা হৈছে।