ডাউনলোড
মোবাইল এপ

android apple
signal

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ’ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ’বঃ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা

ৰাজ্যত বিদেশি বুলি ঘোষিত কোনো লোককে থকাৰ অনুমতি দিয়া নহ’ব আৰু তেওঁলোকক বহিষ্কাৰ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। কালি দিছপুৰ এখন সংবাদমেলত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিদেশী বুলি ঘোষিত প্রায় ৩০ হাজাৰ লোক নিৰুদ্দেশ হৈ আছে আৰু এই লোকসকলক বিচাৰি বিতাড়ণ কৰাটো ৰাজ্য চৰকাৰৰ দায়িত্ব। তেওঁ কয়, যে বিদেশী বুলি ঘোষিতসকলৰ ভিতৰত যিসকলে নাগৰিকত্ব সন্দৰ্ভত ন্যায়ালয়ত আপীল কৰিছে তেওঁলোকক চৰকাৰে আটক নকৰে, কিন্তু এনে নকৰাসকলক বিতাড়ন কৰা হৈছে। উচ্চতম ন্যায়ালয়ে বিদেশী বুলি ঘোষিতসকলক ঘূৰাই পঠিওৱা সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে আৰু ৰাজ্য চৰকাৰে এই নিৰ্দেশনা পালন কৰিছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। পৰহি মেঘালয় আৰু শিলচৰ সীমান্তত ৩৫ জন বাংলাদেশীক আটক কৰি ঘূৰাই পঠিওৱা বুলি প্ৰকাশ কৰি ড০ শৰ্মাই কয়, যে শেহতীয়াকৈ দেৰগাঁৱত হোৱা আৰক্ষী সন্মিলনত বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে। এন আৰ চি উন্নীতকৰণৰ বাবে ৰাজ্যৰ বিদেশী চিনাক্তকৰণৰ প্ৰক্ৰিয়া স্থগিত আছিল বুলিও তেওঁ অৱগত কৰে। দুৰ্গম আৰু সীমান্ত অঞ্চলৰ লোকক অস্ত্ৰৰ অনুজ্ঞাপত্ৰ প্ৰদানৰ সিদ্ধান্তক লৈ ৰাজ্যজুৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়া সন্দৰ্ভত সাংবাদিকে সোধা এটা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে কয়, যে বিপদসংকুল অঞ্চলত জনসাধাৰণৰো জীয়াই থকাৰ অধিকাৰ আছে আৰু সংবিধানে অনুজ্ঞাপত্ৰ থকা অস্ত্র ল’বলৈ আমাক অধিকাৰ দিছে। সীমান্তত থকা লোকক সুৰক্ষা দিয়াটো চৰকাৰৰ দায়িত্ব বুলিও তেওঁ উল্লেখ কৰে। তেওঁ কয়, যে ১৯৮৫ চনতে এই সিদ্ধান্ত লোৱা হ’লে বহু লোকে মাটি-বাৰী এৰি আহিবলগীয়া নহ’লহেঁতেন।

অধিক পঢ়ক

সকলো চাওক