উচ্চ শিক্ষা আহৰণৰ দিশত ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ত আজি ৰাজ্যৰ বিভিন্ন স্থানত আবেদন পত্ৰ বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। এই উপলক্ষে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত আয়োজিত কেন্দ্রীয় কার্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও অংশগ্ৰহণ কৰে। আজি উচ্চতৰ শিক্ষা আৰু SCERTৰ বাবে আবেদন পত্ৰ বিতৰণ কৰা হৈছে। মাধ্যমিক শিক্ষাৰ বাবে ৭, ৮ আৰু ৯ আগষ্টত আবেদন পত্ৰ বিতৰণ কৰা হ’ব। এই আঁচনিৰ অধীনত উচ্চতৰ মাধ্যমিকৰ ছাত্ৰীয়ে মাহিলি এহেজাৰ টকা, স্নাতক আৰু সংহত শিক্ষক শিক্ষা কাৰ্যসূচীৰ পাঠ্যক্ৰমত অধ্যয়নৰত ছাত্ৰীয়ে মাহিলি এহেজাৰ ২৫০ টকা আৰু স্নাতকোত্তৰ আৰু বিএডৰ ছাত্ৰীয়ে মাহিলি দুহেজাৰ ৫০০ টকাকৈ লাভ কৰিব। ছাত্ৰীসকলে বন্ধৰ সময়ছোৱা বাদ দি সৰ্বাধিক দহ মাহৰ বাবে এই সুবিধা লাভ কৰিব। এই আঁচনিৰ অধীনত ২০২৪-২৫ বৰ্ষত এক লাখ ৬০ হাজাৰ ছাত্রীক ১৩৩ কোটি টকা বিতৰণ কৰা হৈছিল। ২০২৫-২৬ বৰ্ষত ৪ লাখ ছাত্ৰীক নিযুত মইনা আঁচনিত সামৰি লোৱাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। উল্লেখযোগ্য যে উচ্চ শিক্ষাত ছাত্ৰীৰ নামভৰ্তি বৃদ্ধি, বাল্যবিবাহ তথা কৈশোৰকালীন মাতৃত্ব প্ৰতিৰোধ, শিশুৰ শিক্ষা, স্বাস্থ্য আৰু সুৰক্ষাৰ অধিকাৰ নিশ্চিতকৰণৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনি গ্ৰহণ কৰিছে
Site Admin | August 6, 2025 1:25 PM | cm nijut moina 2nd phase
ৰাজ্যৰ ১০ লাখ কন্যা শিক্ষাৰ্থীৰ সুবিধাৰ বাবে মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ আবেদন পত্ৰ বিতৰণ