January 2, 2026 12:27 PM | cm meeting

printer

বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত মুখ্যমন্ত্রীৰ অংশগ্ৰহণ

 মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই বিগত পাঁচ বছৰত অসম এখন আন্দোলন আৰু সন্ত্ৰাসজৰ্জৰ ৰাজ্যৰ পৰা দেশৰ দ্রুত বিকশিত ৰাজ্যত পৰিণত হোৱা বুলি মন্তব্য কৰিছে। প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে ৰাজ্যখনৰ বিশিষ্ট সাংবাদিকসকলৰ সৈতে ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত অংশ লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই এই কথা প্রকাশ কৰে। তেওঁ কয়, যে ২০২০ৰ পৰা ২০২৫ চনলৈ অসমৰ বিকাশৰ হাৰ ৪৫ শতাংশলৈ বৃদ্ধি পাইছে। ৰাজ্যখনত জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পোৱাৰ লগতে বিগত সময়ছোৱাত ৰাজহো ৫৩ শতাংশ হাৰত বৃদ্ধি পাইছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে।

নুমলীগড় আৰু গহপুৰৰ মাজত ব্ৰহ্মপুত্ৰৰ তলীৰে নিৰ্মাণ হ’বলগীয়া চাৰিলেনযুক্ত টুইন টিউব টানেলটোত দুটা লেনযুক্ত ৰে’লপথ সংযোজন কৰাত কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে বুলিও মুখ্যমন্ত্রীয়ে কালি সংবাদমেলত উল্লেখ কৰে। তেওঁ লগতে অহা ১৭ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰো আধাৰশিলা স্থাপন কৰিব বুলি ঘোষণা কৰে।

১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ উত্তৰ-পূৰ্বাঞ্চলৰ এই প্ৰথমটো নদী সুৰংগ নির্মাণ হৈ উঠিলে নুমলীগড়ৰৰ পৰা গহপুৰৰ মাজৰ ২৪০ কিলোমিটাৰ দৈর্ঘ্য কেবল ৩৫ কিলোমিটাৰ হ’বগৈ বুলি মুখ্যমন্ত্রীয়ে প্রকাশ কৰে।

মুখ্যমন্ত্রীয়ে কয়, যে কেন্দ্রীয় চৰকাৰে অষ্টম দৰমহা আয়োগ গঠনৰ পাছতেই অসমে দেশৰ প্ৰথম ৰাজ্য হিচাপে অসম চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে অষ্টম দৰমহা আয়োগ গঠন কৰিব। অসম চৰকাৰৰ অৱসৰপ্ৰাপ্ত অতিৰিক্ত মুখ্য সচিব সুভাস দাসৰ নেতৃত্বত গঠন হ’বলগীয়া এই দৰমহা আয়োগ সম্পৰ্কত জানুৱাৰীৰ প্ৰথম সপ্তাহতে অধিসূচনা জাৰি কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত সদৰি কৰে।

সৌৰশক্তি উৎপাদনৰ ক্ষেত্রত অসমে উল্লেখনীয় অগ্রগতি লাভ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, যে পৰৱৰ্তী ডেৰ মাহৰ ভিতৰতে ৰাজ্যখনত অতিৰিক্ত ৩৫০ মেগাবাট সৌৰশক্তি উৎপাদন কৰা হ’ব আৰু ইয়াক গ্রীডত সংযুক্ত কৰা হ’ব। পাঁচটা জলবিদ্যুৎ প্রকল্পত দিনৰ ভাগত সৌৰশক্তিচালিত পাম্পেৰে জলৰাশি উত্তোলন কৰি নিশাৰ ভাগত এই জলৰাশিৰে টার্বাইনৰ সহায়ত বিদ্যুৎ শক্তি উৎপাদনৰ এটা অভিনৱ আঁচনিৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে সদৰি কৰে।

নতুন বছৰটোত চৰকাৰে বিভিন্ন আঁচনিৰ অধীনত হিতাধিকাৰীসকললৈ প্রদান কৰিবলগীয়া সুবিধাসমূহৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে কালিৰ সংবাদমেলত প্রকাশ কৰে। দেশৰ ভিতৰতে চৰকাৰী খণ্ডত অসমত প্রথমটো কর্কট ৰোগৰ প্ৰটন থেৰাপী মেচিন স্থাপন কৰা হ’ব বুলিও তেওঁ জানিবলৈ দিয়ে।

ৰাজ্যৰ শিক্ষাখণ্ডত আধাতে বিদ্যালয় এৰা ছাত্র-ছাত্রীৰ সংখ্যা ভালেখিনি কম হৈছে বুলি উল্লেখ কৰি ড° শৰ্মাই কয়, যে উচ্চ মাধ্যমিকত আধাতে বিদ্যালয় এৰা ছাত্ৰ-ছাত্ৰীৰ হাৰ পূৰ্বৰ ৩০ শতাংশৰ পৰা বৰ্তমান ১৭ দশমিক ৫ শতাংশলৈ হ্রাস পাইছে।

ড° শৰ্মাই ছুইজাৰলেণ্ডৰ ডাভ’ছত হ’বলগীয়া বিশ্ব অর্থনৈতিক মঞ্চত এইবাৰ দেশৰ উন্নত দুখন ৰাজ্য মহাৰাষ্ট আৰু অন্ধ্রপ্রদেশৰ লগতে অসমক পোনপ্ৰথমবাৰৰ বাবে আমন্ত্রণ জনোৱাটো গৌৰৱৰ কথা বুলিও অভিহিত কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।