গুৱাহাটীৰ কইনাধৰাত নতুন দিনৰ আলাপ অনুষ্ঠান, সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ

নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি কইনাধৰাৰ ৰাজ্যিক অতিথিশালাত নতুন দিনৰ আলাপ নামেৰে এটা অনুষ্ঠানৰ আয়োজন কৰে। ইয়াত ৰাজ্যখনৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানৰ জ্যেষ্ঠ সম্পাদকৰ সৈতে মুখ্যমন্ত্ৰীয়ে মুকলি বাৰ্তালাপত ভাগ লয়। এই অনুষ্ঠানত উপস্থিত থকা আকাশবাণীৰ বিশেষ সংবাদদাতা ৰাজীৱ লোচন বৰঠাকুৰে জনোৱা মতে মুখ্যমন্ত্ৰী ড০ শৰ্মাই এই অনুষ্ঠানত ২০২৪ বৰ্ষত তেওঁৰ চৰকাৰখনৰ কেইবাটাও উল্লেখযোগ্য সফলতাৰ খতিয়ান দাঙি ধৰে। তেওঁ কয়, যে ৰাজ্যখনক সেউজীয়া ইন্ধনযুক্ত ৰাজহুৱা পৰিবহণ খণ্ডলৈ পৰিৱৰ্তন কৰাৰ বাবে তেওঁৰ চৰকাৰে গুৱাহাটী মহানগৰীত চলাচল কৰা বাছসমূহ বৈদ্যুতিক বাছলৈ পৰিৱৰ্তন কৰাৰ আঁচনি গ্ৰহণ কৰিছে। আজি গুৱাহাটীৰ খানাপাৰাৰ আন্তঃৰাজ্যিক মিনি বাছ আস্থানত ৫৬ খন এনে বাছ ৰাইজৰ সেৱাত উৎসৰ্গা কৰা হৈছে আৰু অচিৰেই আৰু এশ খন এনে বাছ ৰাজ্যত প্ৰৱৰ্তন কৰা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ২০২৬ চনৰ ভিতৰত সেউজীয়া পৰিবহণ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত অসম দেশৰ ষষ্ঠখন ৰাজ্যৰূপে পৰিগণিত হ’ব বুলি ড০ শৰ্মাই মন্তব্য কৰে। সাম্প্ৰতিক ভূটান ভ্ৰমণৰ বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে ভূটানৰ জলশক্তি ব্যৱহাৰ কৰি ১২০ মেগাৱাট ক্ষমতাসম্পন্ন দুটা জলবিদ্যুৎ প্রকল্প অসম চৰকাৰে নিৰ্মাণ কৰাত দেশখনৰ চৰকাৰে অনুমোদন দিছে। ৰাজ্য চৰকাৰে অতিৰিক্ত ঋণ লৈছে নেকি বুলি সোধা প্ৰশ্নৰ উত্তৰত ড০ শৰ্মাই কয়, যে ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন সমানুপাতিক হিচাপেহে ৰাজ্য চৰকাৰে ঋণ লৈছে। ২০১৪ চনলৈকে থকা অসম চৰকাৰৰ ঋণ সম্পূৰ্ণৰূপে পৰিশোধ কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। ৰাজ্য চৰকাৰৰ ২০২১ চনৰ বৈদ্যুতিক বাহন নীতি সম্পৰ্কত থকা আঁসোৱাহ দূৰ কৰাৰ বাবে অহা দুদিনৰ ভিতৰত তেওঁ ব্যৱস্থা গ্ৰহণ কৰিব বুলি সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে। ৰাজ্য চৰকাৰৰ বিষয়া-কৰ্মচাৰীসকলক ৰাজ্যখনৰ জনজাতীয় ভাষা শিকাৰ ক্ষেত্ৰত চৰকাৰৰ নতুন নীতি আৰু কিতাপৰ বছৰ হিচাপে ঘোষণা কৰা এই বছৰটোত ৰাজ্য চৰকাৰৰ আঁচনি সম্পর্কে মুখ্যমন্ত্ৰীয়ে সদৰী কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।