প্ৰতিবছৰৰ দৰে ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ’ শীর্ষক সংবাদমেলত ৰাজ্যৰ বছৰটোৰ খতিয়ান দিয়ে আৰু নতুন বছৰৰ পৰিকল্পনাৰ বিষয়ে অৱগত কৰে। ২০০০ ৰ পৰা ২০০৫ চনলৈ ৪৫ শতাংশ বিকাশ হোৱা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে দেশৰ ভিতৰত অসমৰ অৰ্থনীতিৰ বিকাশ হাৰ সৰ্বাধিক বুলি মন্তব্য কৰে। তেওঁ কয়, যে ৰাজ্যত জনমূৰি আয় ১ লাখ ৫৯ হাজাৰ ১৮৫ টকালৈ বৃদ্ধি পাইছে। জনমূৰি আয় ৫৪ শতাংশ বৃদ্ধি পাইছে বুলি তেওঁ জানিবলৈ দিয়ে। তেওঁ কয়, যে বিগত সময়ছোৱাত ৰাজ্যৰ ৰাজহো ৫৩ শতাংশ হাৰত বৃদ্ধি পাইছে। ড° শৰ্মাই কয়, যে বিত্তীয় ব্যৱস্থাপনাৰ দিশৰ পৰা অসম সুস্থিৰ ৰাজ্যৰূপে পৰিগণিত হৈছে৷ ড° শৰ্মাই কয়, যে আৰক্ষীয়ে অভিযোগনামা দাখিলৰ ক্ষেত্ৰত কৃতিত্ব অর্জন কৰিছে। অভিযোগনামা দাখিল কৰা গোচৰৰ হাৰ ৮১ শতাংশ আৰু ২০২১৩ আদালতৰ শাস্তি প্ৰদানৰ হাৰ ৬ শতাংশ আছিল বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে অহা ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী অসমলৈ আহিব বুলি নতুন আলাপত ঘোষণা কৰে। ভ্ৰমণকালত শ্রীমোদীয়ে কোকৰাঝাৰৰ পৰা গেলেফুলৈ নতুন ৰে’লপথৰ আধাৰশিলা স্থাপন কৰিব বুলি ড° শৰ্মাই প্ৰকাশ কৰে। ১৭ জানুৱাৰীত প্রধানমন্ত্ৰীয়ে কাজিৰঙাত এলিভেটেড কৰিড’ৰৰ আধাৰশিলা স্থাপন কৰিব ৷
Site Admin | January 1, 2026 1:06 PM | cm natum dinor alap
ইংৰাজী নৱবৰ্ষ উপলক্ষে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি ‘নতুন দিনৰ আলাপ’