December 11, 2025 12:01 PM | cm namrup

printer

প্রধানমন্ত্রীৰ সমাগত অসম ভ্রমণ সন্দর্ভত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও শীর্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰীৰ আলোচনা

প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ সমাগত অসম ভ্রমণ সন্দর্ভত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি ডিব্ৰুগড়ত ৰাজ্য চৰকাৰৰ কেইবাগৰাকীও মন্ত্রী, বিধায়ক তথা শীর্ষ বিষয়াৰ সৈতে যাৱতীয় প্রস্তুতি সন্দৰ্ভত আলোচনাত মিলিত হয়। ড° শর্মাই লগতে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অহা ২১ ডিচেম্বৰত নামৰূপত অংশ ল’বলগীয়া জনসভাৰ স্থলী পৰিদর্শন কৰি সবিশেষ পর্যালোচনা কৰে। উল্লেখযোগ্য যে প্রধানমন্ত্রীগৰাকীয়ে সেইদিনা নামৰূপত ১২ হাজাৰ কোটি টকা ব্যয়সাপেক্ষ এমোনিয়া ইউৰীয়া প্রকল্পৰ আধাৰশিলা স্থাপন কৰিব। এই প্রকল্পই বাজ্যখনৰ ঔদ্যোগিক আৰু সামাজিক ক্ষেত্রত যুগান্তকাৰী পদক্ষেপৰ সূচনা কৰি সাৰ উৎপাদনৰ ক্ষেত্ৰত আত্মনির্ভৰশীলতাৰে অর্থনীতিত গুৰুত্বপূর্ণ প্রভাৱ পেলাব বুলি আশা কৰা হৈছে।

মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লি নামৰূপত ভাৰতীয় জনতা পার্টিৰ নাহৰকটীয়া সমষ্টিৰ জয়পুৰ মণ্ডলৰ এটা কার্যালয় ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মন্ত্রী পীযূষ হাজৰিকা, প্রশান্ত ফুকন, বিধায়ক তৰংগ গগৈ, তেৰছ গোৱালায়ো এই কার্যসূচীত অংশগ্রহণ কৰে।