ডাউনলোড
মোবাইল এপ

android apple
signal

August 14, 2025 7:21 PM | CM | Nalbari

printer

নলবাৰীত ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন মুখ্যমন্ত্ৰীৰ

এখন সেতুৱে কেৱল চৰকাৰৰ উন্নয়নমুখী পদক্ষেপকে প্রতিনিধিত্ব নকৰে বৰং মানুহৰ মাজৰ দুৰত্ব নোহোৱা কৰি ঐক্যবদ্ধ সমাজ নির্মাণতো বিশেষ ভূমিকা গ্ৰহণ কৰে। নলবাৰী জিলা প্ৰতিষ্ঠা দিৱস উপলক্ষে ৫৭৬ কোটি টকা ব্যয়সাপেক্ষ এলানি প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এইদৰে প্ৰকাশ কৰে। মুখ্যমন্ত্ৰীয়ে তেওঁ কয় যে ৰাজ্যখনে অর্থনৈতিকভাৱে বিকাশৰ গতিৰে উজলি উঠিছে। যোৱা ৫ বছৰত হোৱা উন্নয়নে সমাজৰ সকলো শ্ৰেণীৰ লোকক সামৰি লৈছে বুলি মুখ্যমন্ত্ৰীযে উল্লেখ কৰে। তেওঁ কয় যে ৰাজ্যৰ প্ৰতিখন জিলাতে ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণ, একোখন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয় গঢ়ি উঠিছে। পথ আন্তঃগাঁথনিৰ উন্নয়নে গুৱাহাটী-নলবাৰীৰ মাজৰ দূৰত্ব সংকুচিত কৰিব বুলি ড০ শৰ্মাই প্ৰকাশ কৰে। ভাষণ প্ৰসঙ্গত মুখ্যমন্ত্ৰীগৰাকীয়ে গুৱাহাটী-নলবাৰীৰ মাজত মেট্ৰচলোৱাৰ সপোনৰ বিষয়ে ব্যক্ত কৰে। ৰাজ্যৰ উন্নয়নে কল্পনাৰ পৰিধি পাৰ হৈ গৈছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বর্তমান চৰকাৰে ৰাজ্যৰ সংস্কৃতিৰ সৈতে ধেমালি কৰা কোনো লোকক প্রশ্রয় নিদিয়ে। তেওঁ কয় যে উন্নয়নৰ লগতে জাতি-মাটিৰ মূল শিপাডালো অপৰিহাৰ্য। অনুষ্ঠানত অংশগ্ৰহণ কৰি গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই নলবাৰীৰ উন্নয়নৰ বাবে বিজেপি চৰকাৰে গ্ৰহণ কৰা বিভিন্ন প্ৰকল্পৰ আভাস দিয়ে। তেওঁ কয় যে সম্ভৱতঃ ৰাজ্যৰ কোনো এটা সমষ্টিত একে দিনাই ইমানখিনি উন্নয়ন আগতে কেতিয়াও হোৱা নাছিল ৷

ইয়াৰ আগেয়ে সভালৈ অহা পথত মুখ্যমন্ত্ৰীয়ে ঘগ্ৰাপাৰৰ ৰেল ক্ৰছিঙত এখন উৰণ সেতুৰ আধাৰশিলা স্থাপন কৰে আৰু নলবাৰীৰ বৰকুৰাত নিৰ্মাণ কৰা কুমাৰ ভাস্কৰ বৰ্মা উৰণ সেতুখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।