ডাউনলোড
মোবাইল এপ

android apple
signal

June 7, 2025 7:59 PM | Nalbari

printer

নলবাৰী-ঘগ্ৰাপাৰত লোকনিৰ্মাণ বিভাগৰ অতিথিশালা মুকলি মুখ্যমন্ত্রীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি পুৱাৰ ভাগতে নলবাৰী ভ্ৰমণ কৰে। নলবাৰী-ঘগ্ৰাপাৰত লোকনিৰ্মাণ বিভাগ ৪ কোটি ৯৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰি উলিওৱা অতিথিশালা মুকলি কৰে। অতিথিশালাত ১৬টা কোঠাৰ লগতে প্ৰায় ৬০ গৰাকী লোকে ভাগ লব পৰা এটা সভাগৃহ আছে। এই অতিথিশালা মুকলি কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই নলবাৰীৰ চিকিৎসা মহাবিদ্যালয় পথত এখন উৰণ সেতু নিৰ্মাণ কৰাৰ কথাও ঘোষণা কৰে। এই ভ্ৰমণৰ সময়ছোৱাতে সাংবাদিকক সম্বোধন কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে যোৱা ৪ বছৰত ৰাজ্যৰ প্ৰতিখন জিলাতে উচ্ছেদ অভিযান চলোৱা হৈছে। বৰ্তমান চৰকাৰৰ তৎপৰতাত নতুনকৈ কোনোৱেই আইন বহির্ভুতভাৱে মাটি দখল কৰা নাই। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে আইনী প্ৰক্ৰিয়াৰ অধীনত অনুপ্রবেশকাৰী সকলক ওভতাই পঠিওৱাৰ কাৰ্য চলি আছে।

অধিক পঢ়ক

সকলো চাওক