ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

March 22, 2025 11:57 AM | cm meeting

printer

মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে মুখ্যমন্ত্রীৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সন্দৰ্ভত জনগোষ্ঠীটোৰ ৬ টা সংগঠনৰ প্ৰতিনিধিৰ সৈতে বৈঠকত মিলিত হয়। বৈঠকত মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণ, মৰাণ স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচন, শুকানগুৰিত বদৌচা কলাক্ষেত্র নির্মাণ, সুকীয়া ভূমি নীতি, ডিব্ৰুগড়ত মৰাণ জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ আবাস আৰু অতিথিশালাৰ বাবে ভূমিৰ আৱণ্টন, জনগোষ্ঠীটোৰ ঐতিহাসিক কীর্তি চিহ্নসমূহ সংৰক্ষণ আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে ৰাজ্য চৰকাৰে জনগোষ্ঠীটোৰ দাবী তথা সমস্যাসমূহ পর্যালোচনা কৰি সমাধানৰ দিশত যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি আশ্বাস দিয়ে। প্ৰতিটো জনগোষ্ঠীৰ বিকাশৰ জৰিয়তে অসমক এখন শক্তিশালী ৰাজ্য হিচাপে গঢ়ি তোলাৰ দিশত নিৰন্তৰ কাম কৰি থকা হৈছে বুলি মুখ্যমন্ত্ৰী শৰ্মাই উল্লেখ কৰে।

মুখ্যমন্ত্ৰীগৰাকীয়ে ডিমৌ বিধানসভা সমষ্টিত ৰূপায়িত হৈ থকা বিভিন্ন আঁচনিৰ অগ্রগতি সন্দৰ্ভতো এখন পর্যালোচনা বৈঠকত মিলিত হয়। তেওঁ শিৱসাগৰ জিলাৰ চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণ কাৰ্যৰ অগ্ৰগতিৰো বুজ লয়।