মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১ হাজাৰ ১৭ গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ কাৰ্যসূচী আজি অনুষ্ঠিত হৈছে। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই এই কাৰ্যসূচীত অংশ লৈছে। মুখ্যমন্ত্ৰীয়ে অনুষ্ঠানত অংশ লৈ মহিলাসকলৰ সবলীকৰণৰ কাৰণে চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বিষয়ে উল্লেখ কৰে। মঙলদৈৰ পুনিয়াত দৰং চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালৰ নিৰ্মাণস্থলীত আয়োজন কৰা এই কাৰ্যসূচীত দৰং-ওদালগুৰিৰ সাংসদ দিলীপ শইকীয়া, বিধায়ক বসন্ত দাস আৰু ভালেসংখ্যক লোক উপস্থিত আছে।
Site Admin | January 5, 2026 1:14 PM | cm mmu mangaldoi
মঙলদৈ বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ৩১,০১৭গৰাকী মহিলাক উদ্যমিতা অভিযানৰ চেক বিতৰণ মুখ্যমন্ত্ৰীৰ