ডাউনলোড
মোবাইল এপ

android apple
signal

August 30, 2025 10:19 PM | cm meeting

printer

দিছপুৰৰ লোকসেৱা ভৱনত জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তৰে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাৰ বৈঠক

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি দিছপুৰৰ লোকসেৱা ভৱনৰ পৰা জিলা আয়ুক্ত আৰু সমজিলা আয়ুক্তসকলৰ সৈতে ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে এখন বৈঠকত মিলিত হয়। বৈঠকত ১৭ৰ পৰা ২৩ ছেপ্তেম্বৰলৈ উদযাপন কৰিবলগীয়া সেৱা সপ্তাহৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰা হয়। সেৱা সপ্তাহৰ সময়ছোৱাত অৰুণোদয়ৰ তৃতীয় পৰ্যায়ৰ শুভাৰম্ভ কৰা হ’ব আৰু বিধানসভা ভিত্তিক বৃহৎ স্বাস্থ্য শিবিৰৰ প্ৰথম পৰ্যায়ৰ আয়োজন কৰা হ’ব। এই সময়ছোৱাত গ্রন্থ বৰ্ষ উপলক্ষে প্রায় এহেজাৰগৰাকী লেখকক ২৫ হাজাৰ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি পৰিৱেশ সজাগতা অভিযানৰ অংশ হিচাপে ৰাজ্যজুৰি ২০ হাজাৰ শিক্ষানুষ্ঠানলৈ প্ৰায় ১৫ লাখ গছপুলি বিতৰণ কৰা হ’ব আৰু মিছন বসুন্ধৰাৰ তৃতীয় পৰ্যায়ৰ অধীনত ভূমি পট্টা প্ৰদান কৰা হ’ব। একেদৰে নিক্ষয় মিত্র পদক্ষেপৰ অংশ হিচাপে যক্ষ্মা ৰোগমুক্ত অভিযানত গুৰুত্ব আৰোপ কৰা হ’ব। আজিৰ বৈঠকত অহা ৮ ছেপ্তেম্বৰত আৰম্ভ হ’বলগীয়া বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদযাপনৰ প্ৰস্তুতিৰো পৰ্যালোচনা কৰা হয় ৷

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।