May 14, 2025 11:28 AM | cm meeting

printer

ৰাজ্যৰ উন্নয়নৰ ভালেমান পদক্ষেপ সম্পর্কে বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৈঠক

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাখনো গুৰুত্বপূৰ্ণ বৈঠকত অংশগ্ৰহণ কৰি ৰাজ্যৰ উন্নয়নৰ সৈতে জড়িত ভালেমান পদক্ষেপ সম্পর্কে আলোচনা কৰে। বিভিন্ন বিভাগৰ শীৰ্ষ বিষয়াৰ সৈতে অনুষ্ঠিত এই বৈঠকত ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ৰাজধানী পৰিষৰৰ কাম-কাজৰ মুখ্যমন্ত্ৰীয়ে বুজ লয়। তেওঁ লগতে সৰুসজাইত সেৱাভিত্তিক প্ৰতিষ্ঠানৰ বাবে বিশেষ উন্নয়ন ক্ষেত্র স্থাপন সন্দৰ্ভতো বিষয়াসকলৰ সৈতে আলোচনা কৰে। এই বৈঠকতে দ্বাৰকাত নিৰ্মিয়মান অসম ভৱনৰ কাম-কাজৰো তেওঁ বুজ লয়। এই বৈঠকত মুখ্যমন্ত্ৰীয়ে অসমৰ ষ্টাৰ্টআপৰ পৰিৱেশ আৰু ইয়াৰ উন্নয়নৰ পৰ্যালোচনা কৰে।