প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ অসম ভ্রমণ সন্দৰ্ভত আজি বশিষ্ঠৰ অটল বিহাৰী বাজপেয়ী ভবনত এখন প্রস্তুতি সভা অনুষ্ঠিত হয়। সভাত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা, দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া, ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ৰবীন্দ্ৰ ৰাজুকে ধৰি অন্যান্য মন্ত্রী, বিধায়ক তথা দলীয় কর্মকর্তাসকল উপস্থিত থাকে। সভাত প্রধানমন্ত্রী মোদীৰ দুদিনীয়া ভ্রমণসূচীৰ সকলো কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ উদ্দেশ্যে সকলো দিশ সামৰি আলোচনা কৰা হয়।
উল্লেখযোগ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে পৰহিলৈ গুৱাহাটীত লোকপ্রিয় গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে বৰঝাৰৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নৱনিৰ্মিত টার্মিনেল উদ্বোধন কৰিব। এই টার্মিনেলৰ উদ্বোধনে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ আন্ত-গাঁথনিৰ উপৰি যোগাযোগ ব্যবস্থা, উদ্যোগ-বাণিজ্য আৰু পর্যটনকে ধৰি সর্বাংগীন উন্নয়ন তুৰান্বিত কৰিব বুলি আশা কৰা হৈছে। এই অত্যাধুনিক বিমান বন্দৰ টার্মিনেলে বছৰি ১ কোটি ৩১ লাখ যাত্রীক সেৱা আগবঢ়াব। সেইদিনাই তেওঁ ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলৰ কৰ্মকর্তাসকলৰ সৈতে মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰীগৰাকী প্ৰথমবাৰৰ বাবে এই কার্যালয়লৈ অহাটো ৰাজ্যিক বিজেপিৰ বাবে সৌভাগ্যৰ কথা বুলি মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। প্রধানমন্ত্রী মোদীৰ সন্মানার্থে কর্মকর্তাসকলে ৰোড শ্ব’ৰ আয়োজন কৰিব বুলিও ড০ শর্মাই জানিবলৈ দিয়ে। প্রধানমন্ত্রী মোদীয়ে ২১ ডিচেম্বৰত গুৱাহাটীৰ নৌ পৰিবহণ টার্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ ২৫ গৰাকী মেধাৱী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চর্চা অৰ্থাৎ পৰীক্ষা সম্পর্কীয় বিষয় লৈ আলোচনা কৰিব। ইয়াৰ পাছত তেওঁ অসম আন্দোলনৰ অমৰ ছহিদসকলৰ স্মৃতিত গুৱাহাটীৰ পশ্চিম বৰাগাঁৱত নিৰ্মাণ কৰা ছহিদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব। তেওঁ লগতে ৮৬০ গৰাকী বীৰ ছহিদক প্রণিপাত জনাই ছহিদ বেদীত পুষ্পাঞ্জলি অর্পণ কৰিব। ইয়াৰ পৰিপ্ৰেক্ষিতত আজিৰে পৰা ২১ ডিচেম্বৰলৈ দর্শনার্থীৰ বাবে ছহিদ স্মাৰক বন্ধ থাকিব বুলি গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণে এখন জাননীযোগে প্রকাশ কৰিছে।
শ্রীমোদী সেইদিনাই নামৰূপলৈ যাব আৰু তেওঁ নামৰূপ সাৰ কাৰখানাত নতুন ব্রাউনফিল্ড এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে এখন জনসভাতো অংশ ল’ব। নামৰূপত ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্পোৰচেন লিমিটেডৰ বৰ্তমানৰ চৌহদত ১০ হাজাৰ কোটিৰো অধিক টকা ব্যয়সাপেক্ষে নির্মাণ হ’বলগীয়া চতুৰ্থটো সাৰ প্ৰকল্পই ৰাজ্যখনৰ অৰ্থনীতি শক্তিশালী কৰাত সহায় কৰিব বুলি আশা কৰা হৈছে।