ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 13, 2025 1:19 PM | cm meeting

printer

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত

ৰাজ্য চৰকাৰ আৰু মটক জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ মাজত কালি দিছপুৰত এখন গুৰুত্বপূর্ণ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা, মন্ত্রী পীযুষ হাজৰিকাৰ উপস্থিতিত অনুষ্ঠিত এই বৈঠকত সদৌ অসম মটক সম্মিলন, সদৌ অসম মটক যুৱ ছাত্র সম্মিলন, সদৌ অসম মহিলা মটক পৰিষদ, সদৌ অসম মটক যুৱ ছাত্ৰ পৰিষদ আৰু সদৌ অসম মটক ছাত্রসন্থাৰ প্রতিনিধিসকলে অংশগ্রহণ কৰে। বৈঠকত জনগোষ্ঠীটোৰ জনজাতিকৰণৰ দাবীকে ধৰি বহু কেইটা গুৰুত্বপূর্ণ বিষয় আলোচনা কৰা হয়। মটকসকলৰ জনজাতিকৰণৰ দাবীক লৈ চৰকাৰ ইতিবাচক দৃষ্টিভংগীৰে আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰি কৰে।