প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দুদিনীয়া অসম ভ্ৰমণৰ কাৰ্যসূচী চূড়ান্ত হৈছে। প্ৰধানমন্ত্ৰীগৰাকীক আদৰাৰ বাবে বিভিন্ন ঠাইত প্রস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই শ্রী মোদীৰ অসম ভ্রমণ সন্দৰ্ভত কালি দিছপুৰৰ লোকসেৱা ভৱনত মন্ত্ৰী, বিধায়ক আৰু ৰাজ্য চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰাৰ উপৰি শ্ৰী মোদীয়ে অংশগ্ৰহণ কৰিবলগীয়া অনুষ্ঠান নিখুঁতভাৱে আয়োজনৰ বাবে যাৱতীয় নির্দেশনা দিয়ে। নুমলীগড়তো প্রধানমন্ত্রী মোদীক আদৰাৰ বাবে পূর্ণ প্রস্তুতি চলিছে। মন্ত্ৰী অতুল বৰাই কালি নুমলীগড়ত প্রধানমন্ত্ৰীয়ে অংশগ্ৰহণ কৰিবলগীয়া ৰাজহুৱা সভাৰ বিভিন্ন দিশ সন্দৰ্ভত আলোচনা কৰে। তেওঁ এই অনুষ্ঠান সফল কৰি তোলাৰ বাবে জনসাধাৰণৰ অংশগ্রহণ নিশ্চিত কৰাৰ লগতে সকলোকে যাৱতীয় কামকাজ নিষ্ঠাৰে পালন কৰিবলৈ আহ্বান জনায়। উল্লেখযোগ্য যে, শ্রী মোদী কাইলৈ সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উপলক্ষে গুৱাহাটীৰ খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। এই অনুষ্ঠানত ৰাজ্যৰ এহেজাৰৰো অধিক শিল্পীয়ে ভূপেন হাজৰিকাৰ ১৪টা গীত আৰু কবিতা পৰিৱেশন কৰিব। এই অনুষ্ঠানতে শিল্পীগৰাকীৰ এটি স্মাৰক মুদ্ৰা আৰু এখন জীৱনী গ্ৰন্থও উন্মোচন কৰা হ’ব।
শ্ৰী মোদীয়ে পৰহিলৈ নুমলীগড় শোধনাগাৰত বিশ্বৰ প্ৰথমটো বাঁহভিত্তিক জৈৱ ইথানল প্রকল্প উদ্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণক সন্মান জনাই নুমলীগড় আৰু মণিপুৰৰ মোৰে সংযোগী ৩৩৯ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নুমলীগড় শোধনাগাৰক সংযোগ কৰা ২ দশমিক ২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা প্ৰধানমন্ত্রী নিম আলিবাৰ্ট হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে ছশ নিম পুলি ৰোপণৰ ব্যৱস্থা কৰা হৈছে। খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ উদ্যোগত এই প্ৰচেষ্টা লোৱা হৈছে। শ্রীমোদীয়ে ইয়াৰ পূৰ্বে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰিব।