ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 8, 2025 12:43 PM | cm meeting

printer

প্রধানমন্ত্ৰী অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত ড° হিমন্ত বিশ্ব শর্মা পৰ্যালোচনা বৈঠক

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অহা ১৩ ছেপ্তেম্বৰত অসম ভ্ৰমণৰ পৰিপ্ৰেক্ষিতত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই কালি এখন বৈঠকত এই ভ্ৰমণৰ প্ৰস্তুতিৰ পৰ্যালোচনা কৰে। প্ৰদানমন্ত্রীয়ে নুমলীগড়ত উদ্বোধন কৰিবলগীয়া চাৰি হাজাৰ কোটি টকা ব্যয় সাপেক্ষ দেশৰ প্ৰথমটো জৈৱ শোধনাগাৰ, মঙলদৈৰ পৰা আধাৰশিলা স্থাপন কৰিবলগীয়া গুৱাহাটীৰ ৰিং ৰোড আৰু নাৰেংগী-কুৰুৱা দলং তথা ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকী উদ্বোধনী অনুষ্ঠানৰ প্ৰস্তুতি মুখ্যমন্ত্ৰীয়ে পৰ্যালোচনা কৰে। তেওঁ আটাইকেইটা অনুষ্ঠান সফল কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগৰসমূহক যাৱতীয় নির্দেশনা দিয়ে।