মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি মঙলদৈত প্রধানমন্ত্রী মোদীৰ সমাগত দৰং জিলা ভ্ৰমণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয়। মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰস্তাৱিত দৰং মেডিকেল কলেজ চৌহদৰ মূল সভাস্থলী পৰিদৰ্শন কৰি জিলা প্ৰশাসনৰ লগতে সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে এখন বৈঠকত মিলিত হয়। তেওঁ প্ৰধানমন্ত্ৰীগৰাকীৰ সমাগত ভ্ৰমণ সম্পৰ্কীয় বিভিন্ন দিশৰ প্ৰস্তুতিৰ বিষয়ে আলোচনা কৰি সংশ্লিষ্ট সকলো বিভাগক নিয়াৰিকৈ কামসমূহ আগবঢ়াই নিবলৈ যাৱতীয় নির্দেশ দিয়ে । উল্লেখযোগ্য যে এই সভাত প্রধানমন্ত্রীয়ে কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। ১৪ ছেপ্তেম্বৰত প্রধানমন্ত্রীয়ে মঙলদৈত প্রায় ৫৭৬ কোটি টকা ব্যয়েৰে দৰং চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয়ৰ লগতে এখন জি এন এম স্কুল আৰু এখন নাৰ্ছিং মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। প্ৰধানমন্ত্ৰীয়ে লগতে প্রায় ৭ হেজাৰ কোটি টকা ব্যয়েৰে ব্ৰহ্মপুত্ৰৰ ওপৰত নাৰেঙ্গী-কুৰুৱা সংযোগী দলং আৰু গুৱাহাটী ৰিং ৰোড প্রকল্পৰো আধাৰশিলা স্থাপন কৰিব। ৰিং ৰোড প্ৰকল্পৰ কামৰূপ মহানগৰ, কামৰূপ, দৰং জিলাৰ উপৰি মেঘালয়ৰ ৰিভই জিলাকো সামৰি ল’ব। কালি এই পৰিদৰ্শন আৰু পৰ্যালোচনাৰ সময়ত জনস্বাস্থ্য কাৰিকৰী মন্ত্ৰী জয়ন্ত মল্লবৰুৱা, বিধায়ক ড° পৰমানন্দ ৰাজবংশীৰ লগতে জিলা আয়ুক্ত আৰু জ্যেষ্ঠ আৰক্ষী অধীক্ষকসহ প্ৰশাসনৰ শীৰ্ষ বিষয়ববীয়াসকল উপস্থিত থাকে।
Site Admin | September 10, 2025 11:26 AM | cm mangaidoi visit
প্রধানমন্ত্রী মোদীৰ দৰং জিলা ভ্ৰমণৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই
