October 31, 2025 7:01 PM | CM

printer

লখিমপুৰত আজি মুখ্যমন্ত্ৰীৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন

উন্নয়নমুখী পৰিকল্পনাৰ জৰিয়তে এসময়ত অৱহেলাপূর্ণ অঞ্চল বুলি খ্যত ব্রহ্মপুত্ৰৰ উত্তৰ পাৰটো বৰ্তমান বিকশিত অঞ্চললৈ ৰূপান্তিৰত হৈছে বুলি আজি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই প্রকাশ কৰে। মুখ্যমন্ত্রী ড০ শর্মাই আজি লখিমপুৰত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি এই সন্দৰ্ভত কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ভাষণ প্রসঙ্গত ড০ শৰ্মাই ৰাজ্যখনৰ সামগ্রিক উন্নয়নৰ খতিয়ান দাঙি ধৰে।

তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত জনসাধাৰণক উদ্দেশি ভাষণ দিয়ে। তেওঁ এই সভাতে ২৮৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ২০৫ খন বিছনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ছুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে। ড০ শৰ্মাই ইয়াৰ পূর্বে ৩০ খন আসনযুক্ত লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰে। ভাষণ প্রসঙ্গত তেওঁ কৰ্কট ৰোগৰ চিকিৎসাত চিকিৎসকসকলতকৈও নাৰ্চসকলৰ অৱদান অধিক বুলি উল্লেখ কৰে। নার্চিং কলেজৰ সন্দর্ভত তেওঁ কয় যে এই মহাবিদ্যালয়খনত বি এছ চি নাৰ্চিঙৰ উপৰি এম এছ চি নাৰ্চিঙৰ ব্যৱস্থা কৰা হ’ব। ইয়াৰ বাবে প্ৰাৰম্ভিক প্ৰস্তুতি আৰম্ভ হৈছে বুলিও তেওঁ মন্তব্য কৰে। ৰাজ্যত অহা চাৰি-পাঁচ বছৰৰ ভিতৰত ৩০খন চিকিৎসা মহাবিদ্যালয় নিৰ্মাণ কৰা হ’ব বুলি তেওঁ জানিবলৈ দিয়ে। প্রতি বছৰে দুখনকৈ মেডিকেল কলেজ স্থাপন কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। প্ৰতি বছৰে ৰাজ্য চৰকাৰে ৰাজ্যত প্রায় দুহেজাৰ গৰাকী নাৰ্চক নিযুক্তি দি আহিছে বুলি তেওঁ প্রকাশ কৰে। ছুপাৰ স্পেচিয়েলিটী হাস্পতালখনত কেইবাটাও বিভাগ স্থাপন কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে ইয়াৰ বাবে প্রয়োজনীয় অত্যাধুনিক সা-সৰঞ্জামৰো ব্যৱস্থা কৰা হ’ব।

ইয়াৰ পিছত তেওঁ ডুমডুমাত মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ চেক প্ৰদানৰ লগতে ১৮৩ কোটি টকা ব্যয় সাপেক্ষে বিভিন্ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰে। ডুমডুমাৰ ৰূপাই উচ্চ মাধ্যমিক বিদ্যালয় খেলপথাৰত এই উপলক্ষে আয়োজিত অনুষ্ঠানত আত্মসহায়ক গোটৰ ১৩ হাজাৰ ৮২২ গৰাকী হিতাধিকাৰীৰ মাজত উদ্যমিতা পুঁজিৰ ধন বিতৰণ কৰা হয়। ড০ শৰ্মাই এই অনুষ্ঠানৰ পৰাই ভার্চুবেল ব্যৱস্থাৰে ৬০ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰিবলগীয়া ডুমডুমাৰ পুৰণি এ টি ৰোডৰ সম্প্ৰসাৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। তেওঁ লগতে ডুমডুমা নগৰ আৰু কাষৰীয়া অঞ্চলত দুটাকৈ বান আৰু খহনীয়া প্ৰতিৰোধ প্রকল্প, প্রধানমন্ত্রী চাহ শ্রমিক প্রোৎসাহন যোজনাৰ অধীনত ২৪ টা বিদ্যালয় ভবন নির্মাণ, ডুমডুমা মহাবিদ্যালয়ৰ ষ্টেডিয়াম নির্মাণ, কেইবাখনো বিদ্যালয়ৰ আন্তঃগাঁথনি উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন কৰে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।