ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

October 30, 2025 1:01 PM | cm lakhimpur

printer

দুদিনীয়া ভ্রমণসূচীৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা লখিমপুৰত উপস্থিত

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ অধীনত শদিয়া বিধানসভা সমষ্টিৰ ২৭ হাজাৰ ৫৭৩ গৰাকী আত্মসহায়ক গোটৰ হিতাধিকাৰীক ১০ হাজাৰ টকাকৈ চেক বিতৰণ কৰে। এই উপলক্ষে শদিয়াৰ চপাখোৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত মুখ্যমন্ত্রীয়ে ভাগ লয়।

মুখ্যমন্ত্ৰীগৰাকীয়ে আজি বিয়লি উত্তৰ লখিমপুৰৰ খেলমাটিত ৪০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা ড° ভূপেন হাজৰিকাৰ এটা ১৭ ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ লগতে ১৫ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শিৱমন্দিৰৰ পৰা নর্থ লখিমপুৰ কলেজ চাৰিআলিলৈ ২ কোটি ৮৭ লাখ টকাৰে নিৰ্মাণ কৰা পথছোৱা উদ্বোধন কৰিব। কাইলৈ তেওঁ লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খেলপথাৰত আয়োজিত এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সভাতে ২৮৯ কোটি টকা ব্যয় সাপেক্ষে নির্মাণ কৰা ২০৫ খন বিছনাযুক্ত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ চুপাৰ স্পেছিয়েলিটি হাস্পতাল আৰু নাৰ্ছিং কলেজ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰিব। ড° শৰ্মাই লগতে ৩০ খন আসনযুক্ত লখিমপুৰ কেন্সাৰ হাস্পতালৰ কেইবাটাও বিভাগ ৰাইজৰ বাবে মুকলি কৰিব। এই অনুষ্ঠানত লখিমপুৰ জিলাৰ অভিভাৱক মন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ প্রদান বৰুৱা, বিধায়ক মানৱ ডেকা, নৱকুমাৰ দলৈ আৰু ড০ অমিয় কুমাৰ ভূঞায়ো অংশগ্রহণ কৰিব। মুখ্যমন্ত্রী ড° শর্মাই কাইলৈ ডুমডুমা বিধানসভা সমষ্টিৰ হিতাধিকাৰীসকলৰ মাজত উদ্যমিতা পুঁজিৰ চেক বিতৰণ কৰিব।