ডাউনলোড
মোবাইল এপ

android apple
signal

September 22, 2025 11:43 AM | CM

printer

যোৰাবাটৰ সমীপৰ কমাৰকুছিত কাইলৈ জুবিন গাৰ্গৰ শেষকৃত্য সম্পন্ন কৰাৰ সিদ্ধান্ত

ৰাজ্যৰ সংগীত ক্ষেত্ৰত বৃহৎ শূন্যতাৰ সৃষ্টি কৰি আকস্মিকভাৱে আঁতৰি যোৱা প্ৰাণৰ শিল্পী জুবিন গাৰ্গক অনুৰাগীসকলে অভূতপূৰ্ব ৰূপত শ্রদ্ধা জ্ঞাপন কৰিছে। হিয়াৰ আমঠু শিল্পীগৰাকীক শেষ দৰ্শনৰ বাবে সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত কালি গোটেই নিশা অজস্র গুণমুগ্ধই ভিৰ কৰে।

শিল্পীগৰাকীক সকলো অনুৰাগীয়ে শ্রদ্ধাঞ্জলি জনাব পৰাকৈ আজিও ষ্টেডিয়াম খোলা থাকিব। জুবিন গাৰ্গৰ মৃত্যুত ঘোষণা কৰা ৰাজ্যিক শোক কাইলৈ পৰ্যন্ত বৃদ্ধি কৰা হৈছে।
ইপিনে, মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কালি সন্ধিয়া দিছপুৰৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত জুবিন গাৰ্গৰ শেষকৃত্য যোৰাবাটৰ সমীপৰ কমাৰকুছিত কাইলৈ সম্পন্ন কৰাৰ বাবে সিদ্ধান্ত লোৱা হয়। পৰিয়ালৰ ইচ্ছা অনুসৰি এই সিদ্ধান্ত লোৱা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। সেই স্থানতে প্রিয় শিল্পীগৰাকীৰ সমাধিক্ষেত্ৰ নিৰ্মাণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে লগতে উল্লেখ কৰে। জনতাৰ শিল্পীগৰাকীৰ চিতাভস্মৰে যোৰহাট জিলাতো এখন সমাধিক্ষেত্ৰ নিৰ্মাণ কৰাৰ বাবে মন্ত্রীসভাই সিদ্ধান্ত লয়।

মুখ্যমন্ত্রী ড° শৰ্মাই কালি নিশা কমাৰকুছিৰ নিৰ্ধাৰিত ক্ষেত্ৰ পৰিদৰ্শন কৰে। শিল্পীগৰাকীৰ শেষকৃত্যৰ বাবে এই ঠাইখিনি সাজু কৰি তুলিবলৈ প্ৰয়োজনীয় সকলো কাম কৰা হৈছে বুলি তেওঁ প্ৰকাশ কৰে। ৰাজ্যিক মৰ্যাদাৰে শিল্পীগৰাকীৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন কৰা হ’ব। এই সময়ছোৱাত সকলো চৰকাৰী- বেচৰকাৰী বিদ্যালয়, অন্যান্য প্রতিষ্ঠান তথা চৰকাৰৰ কাৰ্যসূচীসমূহ বন্ধ থাকিব। কাইলৈ শেষকৃত্যত হ’বলগীয়া ভিৰৰ প্ৰতি লক্ষ্য ৰাখি দিনৰ ২ বজালৈ ৰাষ্ট্ৰীয় ঘাইপথ বন্ধ থাকিব।
জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্রিয়া সম্পন্ন হোৱাৰ পাছতে তেওঁৰ মৃত্যুৰ বিষয়টোৰ তদন্ত কৰা হ’ব বুলি মুখ্যমন্ত্ৰী শৰ্মাই প্ৰকাশ কৰিছে।

ইপিনে, ছিংগাপুৰস্থিত ভাৰতৰ উচ্চায়ুক্তই জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত দিয়া প্ৰমাণপত্ৰত পানীত ডুবি শিল্পীগৰাকীৰ মৃত্যু হোৱা বুলি প্ৰকাশ পাইছে।