মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত কলিয়াবৰ বিধানসভা সমষ্টিৰ মুঠ ৩২ হাজাৰ ৪৮২ গৰাকী হিতাধিকাৰীলৈ উদ্যমিতা পুঁজিৰ চেক বিতৰণৰ শুভাৰম্ভ কৰে। এই উপলক্ষে কলিয়াবৰৰ ডা০ টি আও ষ্টেডিয়ামত আয়োজিত জনসভাত ভাষণ দি মুখ্যমন্ত্রী ড০ শৰ্মাই কয়, যে ৰাজ্যত বর্তমান প্রায় ৪ লাখ আত্মসহায়ক গোট আছে। কলিয়াবৰ সমষ্টিত প্রায় ৪ হাজাৰ আত্মসহায়ক গোট গঠন কৰা হৈছে। এনে আত্মসহায়ক গোটসমূহক শক্তিশালী কৰিবলৈ ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত বিভিন্ন ব্যবস্থা গ্রহণ কৰি অহাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে বিভলভিং ফাণ্ড, বেংক ঋণ, চি এল এফ, ভিঅ’, জীৱিকা সখী, বেংক সখী আদি বিভিন্ন ব্যৱস্থাৰ জৰিয়তে এনে গোটসমূহৰ সৈতে জড়িত মহিলাসকলক চৰকাৰে সহায় কৰাৰ বাবে চেষ্টা চলাই আহিছে। আত্মসহায়ক গোটসমূহৰ মহিলাসকলে বিগত ১২-১৩ বছৰে বেংকৰ পৰা প্ৰায় ১২ হাজাৰ কোটি টকাৰ ঋণ লৈছে আৰু এই ঋণৰ ধন নিয়মীয়াকৈ ঘূৰাই দি আহিছে বুলিও মুখ্যমন্ত্ৰীয়ে কয়। ৰাজ্যৰ ৪ লাখ আত্মসহায়ক গোটৰ সৈতে জড়িত ৪০ লাখ মহিলাক সামাজিক আৰু ব্যক্তিগতভাবে সহায় কৰি এখন আত্মনিৰ্ভৰ অসম গঢ়ি তোলাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযান আৰম্ভ কৰা হৈছে বুলিও ৬০ শৰ্মাই ভাষণত উল্লেখ কৰে। দেশত ৩ কোটি মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়ি তোলাৰ বাবে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে দেখা সপোন অনুসৰণ কৰি ৰাজ্য চৰকাৰে ৰাজ্যৰ ৩০ লাখ মহিলাক লাখপতি বাইদেউ হিচাপে গঢ়াৰ সংকল্প লোৱা বুলিও তেওঁ কয়।
ইপিনে ৰাজ্য চৰকাৰে আৰম্ভ কৰা নিযুত মইনা আঁচনিৰ সুফল হিচাপে বিগত বৰ্ষত প্রথম বার্ষিকত পঢ়া কোনো ছাত্ৰীয়ে কলেজ এৰা নাই আৰু যোৱাবাৰৰ তুলনাত এইবাৰ ৩০ হাজাৰ অধিক ছাত্ৰীয়ে নামভৰ্তি কৰা বুলিও মুখ্যমন্ত্রীয়ে ভাষণত উল্লেখ কৰিছে। মহিলা উদ্যমিতা আঁচনিৰ হিতাধিকাৰীসকলক ধনৰ সদ ব্যৱহাৰ কৰিবলৈও তেওঁ আহ্বান জনায়। ৰাজ্য চৰকাৰে বিগত সময়ছোৱাত মহিলাৰ বিৰুদ্ধে হোৱা অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত লোৱা কঠোৰ পদক্ষেপৰ প্ৰসংগ উল্লেখ বহু বিবাহ ৰোধৰ বাবে চৰকাৰে আইন প্ৰণয়নৰ বাবে আগবঢ়া বুলিও তেওঁ আজি ঘোষণা কৰিছে। অহা নৱেম্বৰত হ’বলগীয়া অসম বিধানসভাৰ অধিবেশনত এই সম্বন্ধীয় বিধেয়ক উত্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই প্রকাশ কৰিছে।
ধুবুৰী জিলাৰ গৌৰীপুৰৰ ৰজা প্রতাপ চন্দ্ৰ বৰুৱা খেলপথাৰতো আজি মুখ্যমন্ত্রী উদ্যমিতা অভিযানৰ চেক বিতৰণ কৰা হয়। এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ পঞ্চায়ত, গ্রামোন্নয়ন, পর্যটন আদি বিভাগৰ মন্ত্ৰী ৰণজিত কুমাৰ দাসে জিলাখনৰ বীৰছিং জৰুৱা বিধানসভা সমষ্টিৰ অধীনৰ ৮ হাজাৰ ৫৫৩টা আত্মসহায়ক গোটৰ মহিলাসকলৰ মাজত চেক বিতৰণ কৰে।
 
									 
		 
									 
									 
									 
									