ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

September 3, 2025 7:00 PM | cm jalukbari

printer

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকৰ নাগৰিকত্ব লাভ

নাগৰিকত্ব সংশোধনী আইনৰ জৰিয়তে ৰাজ্যত এতিয়ালৈ ৩ জন লোকে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে। বিগত দুবছৰত অসমত ১২ জন লোকে ভাৰতীয় নাগৰিকত্বৰ বাবে আবেদন কৰিছিল যদিও ইয়াৰে ৯ খন আবেদন বিবেচনাধীন হৈ আছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি উত্তৰ গুৱাহাটী পৌৰসভাৰ অন্তৰ্গত জালুকবাৰীৰ ৰামচাৰী আঞ্চলিক গাওঁ পঞ্চায়তত আয়োজিত ৰাজহুৱা সভাত এই মন্তব্য কৰে। মুখ্যমন্ত্রী ড° শর্মাই এই অনুষ্ঠানতে মহিলা উদ্যমিতা আঁচনিৰ অন্তৰ্গত মহিলা হিতাধিকাৰীক চেক প্রদান কৰে। আজাৰাৰ কাহিকুচি শ্যামভূমি উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত এই অনুষ্ঠানত আত্মসহায়ক গোটৰ অন্তৰ্গত ৭ হাজাৰ ৪৭৪ গৰাকী মহিলা হিতাধিকাৰীক এই চেকসমূহ প্রদান কৰা হয়। প্ৰাৰম্ভিকভাৱে এই চেকসমূহত হিতাধিকাৰীসকলক ১০ হাজাৰ টকাকৈ প্ৰদান কৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে জনাই যে মহিলা উদ্যমিতা আঁচনিৰ জৰিয়তে বৰ্তমানৰ স্বনিৰ্ভৰশীল মহিলাসকলক সবল কৰি তোলাৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছে। উদ্যমিতা আঁচনিৰ বহু লাখপতি বাইদেউৰ সৃষ্টি কৰিব বুলি তেওঁ আশা প্রকাশ কৰে।

বি টি আৰ পৰিষদীয় নির্বাচন সন্দর্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শৰ্মাই পূৰ্বতকৈ এইবাৰ বি টি চিত বিজেপিৰ ফলাফল উন্নত হ’ব বুলি আশা প্রকাশ কৰে। বি টি চি নির্বাচনত বিজেপিয়ে কাৰো সৈতে সংঘাতত লিপ্ত নহয় বিজেপিয়ে নির্বাচনত অবতীর্ণ হ’ব বুলি তেওঁ কয়।

গুৱাহাটীত কৃত্রিম বান সন্দৰ্ভত সাংবাদিকৰ আগত তেওঁ কয়, যে মেঘালয়ৰ পৰা নামি অহা পানীৰ ফলত যোৰাবাট আৰু ইয়াৰ সমীপবর্তী এলেকাসমূহত বানৰ সৃষ্টি হয়। এই সন্দৰ্ভত মেঘালয়ৰ সৈতে উচ্চতম ন্যায়ালয়ত এটা গোচৰৰ শুনানি চলি আছে। অহা ১৭ ছেপ্তেম্বৰত এই গোচৰৰ পৰৱৰ্তী শুনানির দিন ধার্য কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° শৰ্মাই উল্লেখ কৰে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।