অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলং মুকলি কৰা হ’ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই দলঙে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে যাতায়াত ব্যৱস্থালৈ নতুন পৰিৱৰ্তন আনিব। এই নতুন প্রকল্পসমূহে গুৱাহাটীক কেৱল উত্তৰ-পূব ভাৰতৰে নহয়, বৰং দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব বুলিও তেওঁ মন্তব্য কৰে। ড° শৰ্মাই বিগত চাৰি বছৰত বিত্ত মন্ত্ৰীগৰাকীৰ সহায়ত অসমে কেন্দ্ৰৰ পৰা প্ৰায় ১ লাখ কোটি টকাৰ প্রকল্প লাভ কৰাৰ কথাও উল্লেখ কৰে।
Site Admin | November 8, 2025 12:30 PM | cm himanta bridge opening
অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলং মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা