ডাউনলোড
মোবাইল এপ

android apple
signal

প্রসূতিৰ মৃত্যুৰ হাৰ ২৮ পইণ্ট হ্ৰাসেৰে স্বাস্থ্যজনিত সুৰক্ষাত দেশৰ ভিতৰত উন্নত প্ৰদৰ্শন অসমৰ

অসমে প্রসূতিৰ মৃত্যুৰ হাৰ ২৮ পইণ্ট হ্ৰাস কৰি স্বাস্থ্যজনিত সুৰক্ষাৰ ক্ষেত্ৰত দেশৰ সকলো ৰাজ্যৰ ভিতৰত উন্নত প্ৰদৰ্শন কৰিবলৈ সমৰ্থ হৈছে। ৰাজ্যত ১ লাখ মহিলাৰ ভিতৰত প্ৰসূতিৰ মৃত্যুৰ হাৰ ১৯৫ৰ পৰা ১৪৭ লৈ হ্ৰাস পাইছে। একেদৰে ৰাজ্যত নৱজাতকৰ মৃত্যুৰ হাৰ ৩৮ৰ পৰা ৩৬ লৈ হ্ৰাস পাইছে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই এছ আৰ এছ ২০১৯-২১ প্ৰতিবেদনৰ জেৰ টানি কালি সামাজিক মাধ্যমযোগে এই কথা প্রকাশ কৰে। তেওঁ কয়, যে এটা সময়ত অসমত প্ৰসূতিৰ মৃত্যুৰ হাৰ দেশৰ ভিতৰতে অধিক আছিল। সম্প্ৰতি ৰাজ্যত স্বাস্থ্য খণ্ডৰ উন্নয়নৰ পদক্ষেপৰ জৰিয়তে এই হাৰ অভূতপূৰ্বভাৱে হ্ৰাস কৰিবলৈ সমৰ্থ হৈছে বুলি মুখ্যমন্ত্ৰী ড° শৰ্মাই প্ৰকাশ কৰে। তেওঁ লগতে ৰাজ্যত গৰ্ভৱতী মহিলাসকলে নিৰাপদ অনুভৱ কৰিবলৈ লৈছে বুলি মন্তব্য কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে স্বাস্থ্যকর্মী, আশাকর্মীকে ধৰি এই সাফল্য সম্ভৱ কৰি তোলা প্ৰতিগৰাকীলৈ তেওঁলোকৰ সেৱাৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।

অধিক পঢ়ক

সকলো চাওক