চতিয়াত অহা ৩ ছেপ্টেম্বৰত ’৪২ৰ স্বাধীনতা সংগ্ৰামীসকলৰ পৰিয়ালৰ সৈতে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাৰ মতবিনিময়

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই অহা ৩ ছেপ্তেম্বৰত ঐতিহাসিক চতিয়া থানাত উপস্থিত হৈ ১৯৪২ চনৰ ২০ আগষ্টত স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰা সংগ্ৰামীসকলৰ পৰিয়ালৰ সৈতে মত বিনিময় কৰিব। উল্লেখযোগ্য যে, এই বিশেষ দিনটোত দেশৰ ভিতৰতে পোনপ্ৰথম বাৰৰ বাবে ব্ৰিটিছৰ ইউনিয়ন জেক নমাই তিৰংগ পতাকা উৰুওৱা হৈছিল। এই দিনটো অসম বুৰঞ্জীৰ এটা উল্লেখযোগ্য ঘটনা হিচাপে স্বীকৃতি দিয়াৰ উদ্দেশ্যে কালি চতিয়া নাট্য সমাজৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত বৈঠকত বিধায়ক পদ্ম হাজৰিকাই অংশগ্ৰহণ কৰে ।