ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

পহলগামৰ পৰা শিলচৰৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়ালসহ ৰাজ্যলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰা হ’বঃ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা

জম্মু-কাশ্মীৰৰ পহলগামত মঙলবাৰে হোৱা সন্ত্ৰাসবাদীৰ আক্ৰমণৰ সময়ত কথমপি প্ৰাণৰক্ষা পৰা শিলচৰৰ অসম বিশ্ববিদ্যালয়ৰ অধ্যাপক দেৱাশীষ ভট্টাচাৰ্যক পৰিয়াল সহিতে নিৰাপদে ৰাজ্যলৈ ওভতাই অনাৰ বাবে সকলো ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই প্ৰকাশ কৰিছে। সন্ত্ৰাসবাদীৰ এই অমানুষিক আক্ৰমণৰ ঘটনাক ভাৰতে কেতিয়াও সহ্য নকৰে বুলি মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰে। তেওঁ কয়, যে ভাৰতে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিব। উল্লেখযোগ্য যে অসম বিশ্ববিদ্যালয়ৰ অধ্যাপকগৰাকী পত্নী-পুত্ৰৰ সৈতে বেইচ্‌ৰন উপত্যকা ভ্ৰমণৰ বাবে গৈছিল। সন্ত্ৰাসবাদী আক্ৰমণৰ সময়ত দেৱাশীষ ভট্টাচাৰ্যৰ পৰিয়ালটোৱে আন বহুতৰে সৈতে গছ-গছনিৰ আঁৰত লুকাই আছিল যদিও সন্ত্ৰাসবাদীৰ দলটোৱে তেওঁলোকক বিচাৰি উলিয়ায়। সন্ত্ৰাসবাদীকেইটাৰ সন্মুখত কলিমা পাঠ কৰাৰ বাবেই পৰিয়ালটোলৈ গুলীচালনা নকৰিলে। প্রায় দুঘণ্টা সময় সমীপতে আশ্ৰয় লৈ পৰৱৰ্তী সময়ত পৰিয়ালটোৱে এখন বাহনত নিৰাপদে শ্ৰীনগৰলৈ ৰাওনা হয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।