বিগত ১০ বছৰত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলত ১,৮২৪ কিলোমিটাৰ ৰে’লপথৰ সম্প্ৰসাৰণ হৈছে বুলি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। এই সম্প্রসাৰণে প্রধানমন্ত্রী নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰৰ উত্তৰ-পূৰ্বাঞ্চলক অগ্রাধিকাৰ দিয়াৰ নীতিকে প্রতিফলিত কৰে বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। এইবাৰৰ বাজেটত অঞ্চলটোৰ ৰে’ল আন্তঃগাঁথনিৰ বাবে ১০ হাজাৰ ৪৪০ কোটি টকা আবণ্টন দিয়াৰ লগতে ৭৪ হাজাৰ ৯৭২ কোটি টকাৰ অসমত নতুন ৰে’ল প্ৰকল্পও স্থাপন হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছাম শীর্ষক বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলনৰ দ্বিতীয় সংস্কৰণৰ পূৰ্বে যোৱা দুদিনত নতুন দিল্লীত কেইবাগৰাকীও কেন্দ্রীয় মন্ত্ৰী আৰু শীর্ষ নেতাক সাক্ষাৎ কৰাৰ পাছত অসমত বিনিয়োগৰ সুচল পৰিৱেশৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে এই কথা উল্লেখ কৰে। ড০ শৰ্মাই কালি এডভাণ্টেজ আছাম সন্মিলনৰ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় বৈদেশিক পৰিক্রমা মন্ত্রী ড° এছ জয়শংকৰক নতুন দিল্লীত সাক্ষাৎ কৰে। মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় মন্ত্ৰীগৰাকীক এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱাৰ লগতে শ্রী জয়শংকৰে দেশৰ এক্ট-ইষ্ট নীতিত অসমৰ গুৰুত্বপূর্ণ ভূমিকা সন্দৰ্ভত এডভাণ্টেজ আছামৰ কাৰ্যসূচীত আলোকপাত কৰিব বুলি আশা প্ৰকাশ কৰে।
মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে প্ৰধানমন্ত্রী নৰেন্দ্র মোদী, বিত্ত মন্ত্রী নির্মলা সীতাৰমণ, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রী নীতিন গাডকাৰী, ৰে’লমন্ত্রী অশ্বিনী বৈষ্ণৱ, বাণিজ্য আৰু উদ্যোগ মন্ত্রী পীযূষ গোৱেল, পেট্ৰ’লিয়াম আৰু প্রাকৃতিক গেছ দপ্তৰৰ মন্ত্ৰী হৰদ্বীপ সিং পুৰী আৰু ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াকো সাক্ষাৎ কৰে। কালি ড০ শৰ্মাই চত্তিশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাকো সাক্ষাৎ কৰে।
উল্লেখযোগ্য যে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণত অংশ লোৱাৰ বাবে অহা ২৪ ফেব্ৰুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী অসমলৈ আহিব। সন্মিলনৰ অংশ হিচাপে ২৪ ফেব্ৰুৱাৰীত হ’বলগীয়া সৰ্ববৃহৎ ঝুমুৰ নৃত্যৰ অনুষ্ঠানো প্রধানমন্ত্রীয়ে উপভোগ কৰিব। ২৫ ফেব্ৰুৱাৰীত প্রধানমন্ত্ৰীয়ে এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণ আনুষ্ঠানিকভাৱে মুকলি কৰিব। এই অনুষ্ঠানত ভূটানৰ প্রধানমন্ত্রীও উপস্থিত থাকিব। পাঁচখন সহযোগী দেশে অংশ ল’বলগীয়া এই সন্মিলনত ৫ শতাধিক বিদেশী উদ্যোগী আৰু বিনিয়োগকাৰীয়ে অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।