মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই এডভাণ্টেজ আছামৰ লগত সংগতি ৰাখি বিনিয়োগকাৰীক ৰাজ্যলৈ আকৰ্ষণ কৰাৰ উদ্দেশ্যে টকিঅ’ত ভাৰতীয় দূতাবাসৰ উদ্যোগত চলি থকা অসম সপ্তাহত আজি অংশগ্রহণ কৰিব। এই উদ্দেশ্যে মুখমন্ত্ৰীগৰাকীয়ে এটা প্রতিনিধি দল লৈ কালি মাজনিশা জাপান অভিমুখে ৰাওনা হয়। টকিঅ’ত তেওঁ দেশখনৰ বিভিন্ন খণ্ডৰ বিনিয়োগকাৰীক সাক্ষাৎ কৰি ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত গুৱাহাটীত হ’বলগীয়া এডভাণ্টেজ আছামত অংশগ্ৰহণৰ বাবে আমন্ত্রণ জনাব। ড০ শৰ্মাই টকিঅ’ত এটা ৰোড শ্ব’তো অংশগ্রহণ কৰিব। অসম সপ্তাহৰ জৰিয়তে অসমত বিনিয়োগৰ বাবে জাপানৰ বিনিয়োগকাৰীসকলক আকৰ্ষিত কৰাৰ বাবে বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই অনুষ্ঠানত জাগীৰোডত স্থাপন হ’বলগীয়া ছেমিকণ্ডাক্টৰ প্ৰকল্পক বিশেষভাৱে উপস্থাপন কৰা হৈছে। মুখমন্ত্ৰীয়ে প্ৰতিৰক্ষা, পর্যটন, ই-উদ্যোগ আজি খণ্ডত বিনিয়োগৰ বাবে জাপানৰ বিনিয়োগকাৰীৰ মাজত প্ৰচাৰ চলাব। অসম সপ্তাহত অসমক দক্ষিণ-পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ আটাইতকৈ ওচৰৰ আন্তৰ্জাতিক বজাৰ হিচাপে উপস্থাপন কৰা হৈছে। তদুপৰি অসমৰ প্ৰাকৃতিক প্রাচুর্য্য, ঐতিহ্য, সংস্কৃতি আদিব বিষয়েও ব্যাপক প্ৰচাৰ চলোৱা হৈছে। মুখ্যমন্ত্রী ড০ শৰ্মাই বিনিয়োগকাৰীক আকৰ্ষণৰ উদ্দেশ্যে দক্ষিণ কোৰিয়াও ভ্ৰমণ কৰিব। দুয়োখন দেশতে তেওঁ ২৫ জানুৱাৰী পৰ্যন্ত থাকিব। তেওঁ ১০ ফেব্ৰুৱাৰীত ছিংগাপুৰলৈ ৰাওনা হ’ব আৰু ১৩ ফেব্ৰুৱাৰীলৈকে দেশখনত থাকি বিনিয়োগকাৰীৰ সন্ধান কৰিব।
Site Admin | January 19, 2025 1:26 PM | cm-himanta-biswa-sarma-japan
দেশৰ বিভিন্ন বিনিয়োগকাৰীক এডভাণ্টেজ আছামলৈ আমন্ত্ৰণৰ বাবে টকিঅ’ত অনুষ্ঠিত অসম সপ্তাহত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
