ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত স্থাপন হ’বলগীয়া ক্ষুদ্ৰ সচিবালয়ৰ কাম-কাজৰ অগ্ৰগতিৰ বুজ লয়। এই সন্দৰ্ভত আয়োজিত পর্যালোচনা বৈঠকত অংশগ্ৰহণ কৰি তেওঁ কয় যে, প্রশাসনিক ব্যৱস্থাটোক ৰাজ্যৰ জনসাধাৰণৰ ওচৰ চপাই নিয়াৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে অব্যাহত ৰখা প্ৰয়াসৰ অংশ হিচাপে এই ক্ষুদ্র সচিবালয় স্থাপন কৰা হ’ব। মুখ্যমন্ত্ৰীগৰাকীয়ে সংশ্লিষ্ট বিষয়াসকলক অহা ১৫ আগষ্টৰ ভিতৰত ইয়াৰ কাম- কাজ সম্পূৰ্ণ কৰিবলৈ নির্দেশ দিয়ে। উল্লেখযোগ্য যে, ডিব্ৰুগড়, তিনিচুকীয়া, ধেমাজি আদিকে ধৰি উজনি অসমৰ জিলাসমূহ কাম-কাজসমূহ সূচাৰুৰূপে সম্পাদন কৰাৰ উদ্দেশ্যে এই পদক্ষেপ হাতত লোৱা হৈছে। মুখ্যমন্ত্ৰীৰ সচিবালয়ৰ সমান্তৰালকৈ ক্ষুদ্ৰ সচিবালয়ৰ কাম কামসমূহ পৰিচালনা কৰা হ’ব ।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।