মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কালি ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ১৪৬ কোটি ৪৩ লাখ টকা ব্যয় সাপেক্ষে মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আৰু পি এম ঊষা আঁচনিৰ অধীনত বিভিন্ন আন্তঃগাঁথনিমূলক কাম-কাজৰ ড° শৰ্মাই কালি আধাৰশিলা স্থাপন কৰে ৷ মুখ্যমন্ত্ৰীৰ বিশেষ অনুদান আঁচনিৰ অধীনত বিশ্ববিদ্যালয়খনৰ আভ্যন্তৰীণ পথসমূহৰ সম্প্ৰসাৰণ আৰু মেৰামতি, ১৬ টা আবাসযুক্ত হাউছিং ব্লক, ক্রীড়া প্ৰাংগন আৰু ব্যায়ামাগাৰ নিৰ্মাণ কৰা হ’ব। একেদৰে প্রধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান, চমুকৈ ঊষাৰ অধীনত ১৭৬ গৰাকী ছাত্ৰী থাকিব পৰা নিবাস, শৈক্ষিক ভৱন, শৈক্ষিক গৱেষণা কেন্দ্ৰ আৰু ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা গ্ৰন্থাগাৰ উন্নীতকৰণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰা হয়। ৰাষ্ট্ৰীয় শিক্ষা নীতি, ২০২০-ৰ সফল ৰূপায়ণৰ লক্ষ্যৰে গ্ৰহণ কৰা এই পদক্ষেপে অসমৰ উচ্চ শিক্ষাৰ ক্ষেত্ৰখনক নতুন দৃষ্টিভংগীৰে অগ্ৰসৰ হোৱাত সহায় কৰিব বুলি আশা কৰা হৈছে। মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ ভাষণত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ লগতে ৰাজ্যৰ ভালেকেইখন বিশ্ববিদ্যালয়ত আন্তঃগাঁথনি উন্নয়নৰ কাম আৰম্ভ হৈছে বুলি প্ৰকাশ কৰে। বিশ্ববিদ্যালয়খনৰ চৌহদত ৩২৪ গৰাকী ছাত্রী থাকিব পৰা এটা অত্যাধুনিক ছাত্রী নিবাসৰ আধাৰশিলা স্থাপন কৰাৰ লগতে মুখ্যমন্ত্ৰীয়ে কালি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় চিকিৎসালয় চৌহদত অধ্যাপকৰ আবাস প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। আধাৰশিলা স্থাপন কৰি দিয়া ভাষণত ড° শৰ্মাই এম বি বি এছ আসনৰ সংখ্যা ২৫০ খনলৈ বৃদ্ধি পাব বুলি মন্তব্য কৰে। উত্তৰ-পূবৰ প্ৰথমখন চিকিৎসা শিক্ষা প্ৰতিষ্ঠানত শৈক্ষিক উন্নীতকৰণৰ বাবে লোৱা এই প্ৰস্তাৱৰ অনুমোদনৰ অন্তিম পৰ্যায়ত আছে বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্য চৰকাৰ সম্প্ৰতি চিকিৎসক নিযুক্তিৰ ক্ষেত্ৰত নতুন গতিৰে সমৃদ্ধ হৈছে বুলিও ড° শৰ্মাই জানিবলৈ দিয়ে। ইয়াৰ লগতে ড° শৰ্মাই নাহৰকটীয়াত ১৩০ কোটি টকা ব্যয়সাপেক্ষে কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। এই অনুসৰি নাহৰকটীয়া সম জিলা আয়ুক্ত কার্যালয়, নামৰূপ-নাহৰকটীয়া পথ উৰণ সেতু, নাহৰকটীয়া উচ্চতৰ মাধ্যমিক বিদ্যালয় ভৱন, কুঁৱৰীগাঁও উচ্চ মাধ্যমিক বিদ্যালয় ভৱন আৰু হকী ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে ।
Site Admin | July 25, 2025 12:23 PM | cm lay stone dibrugarh
ডিব্ৰুগড়ত প্রায় ৬০০ কোটি টকা ব্যয়সাপেক্ষ কেইবাখনো আঁচনিৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ
