ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

November 5, 2025 1:25 PM | cm himanta bhupen

printer

ৰাজ্যজুৰি সুধাকণ্ঠক স্মৰণ, ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰদ্ধাঞ্জলি

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বিশ্ব বৰেণ্য শিল্পী, ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ আজিৰ চতুৰ্দশ মৃত্যু বাৰ্ষিকীত জালুকবাৰীৰ ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত উপস্থিত হৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি সমগ্ৰ ৰাজ্যৰ লগতে প্ৰবাসী অসমীয়াসকলেও নিজ নিজ স্থানত চতুৰ্দশ মৃত্যুবাৰ্ষিকীত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকালৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। আজি ৩৫খন জিলাত আৰু ২৭খন সমজিলাত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হৈছে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে আজি প্ৰতিখন জিলা সদৰত ৫ হাজাৰতকৈ অধিক ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু কলা-কুশলীয়ে মানৱ শৃংখলৰ জৰিয়তে ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ শীৰ্ষক চিৰ সেউজ গীতটি পৰিৱেশন কৰিব। সেই অনুসৰি আজিৰ দিনটোত ২ লাখৰো অধিক শিল্পী, কলা-কুশলী আৰু ৰাইজে বৰাক, ব্ৰহ্মপুত্ৰ আৰু পাহাৰীয়া তিনিওখন জিলাত মানুহে মানুহৰ বাবে গীতটি পৰিৱেশন কৰিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই জানিবলৈ দিয়ে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘মানুহে মানুহৰ বাবে’ গীতটি সমগ্ৰ বিশ্বৰ মানৱতাৰ গীত হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাজ্য চৰকাৰে চলাই থকা প্ৰচেষ্টাৰ বিষয়ে সদৰী কৰে। তেওঁ কয় যে ড০ ভূপেন হাজৰিকাৰ ‘মানুহে মানুহৰ বাবে’ গীতটি অকল অসমৰে নহয়, সমগ্ৰ মানৱ জাতিৰ সম্পদ। এই গীতটি সমগ্ৰ বিশ্বৰ মানৱ সমাজৰ গীত হিচাপে স্বীকৃতি দিয়াৰ বাবে ৰাষ্ট্ৰসংঘক স্বীকৃতি দিবলৈ অনুৰোধ জনোৱা হৈছে। এই দিশত ৰাজ্য চৰকাৰে কিছু কাম আগবঢ়াই নিয়া বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ‘মানুহে মানুহৰ বাবে’ গীতটি মানৱতাৰ গীত হিচাপে স্বীকৃতি আনিবলৈ সক্ষম হ’ব বুলি আশা প্ৰকাশ কৰে।

ৰাজ্যজুৰি আৰু দেশজুৰি ৰাজ্য চৰকাৰে ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী পালন কৰাৰ কথাও ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী ড০ শৰ্মাই উল্লেখ কৰা। তেওঁ কয় যে ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ উদ্ধোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অংশগ্ৰহণ কৰাৰ লগতে ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াই ভূপেন হাজৰিকাৰ নামত এটি মুদ্ৰা উলিয়াইছিল। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত কলকাতা, দিল্লী, মুম্বাই, আহমেদাবাদত ভূপেন হাজৰিকাৰ স্মৃতিত একোটা বিশাল অনুষ্ঠান অনুষ্ঠিত হ’ব। ইয়াৰ পিছত দিল্লীৰ ভাৰত মণ্ডপমত ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্যক্ত কৰে।

ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানৰ লগত সংগতি ৰাখি বহাগ বিহুৰ এটি নিশা ভূপেন হাজৰিকাৰ নামত পালন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্যক্ত কৰে। প্ৰত্যেকখন বিহু সমিতিয়ে যাতে বিহুৰ গোটেইকেইটা নিশাৰ ভিতৰত এটা নিশা ভূপেন হাজৰিকাৰ নামত পালন কৰে তাৰবাবে এক সুকীয়া ব্যৱস্থা গ্ৰহণ কৰা বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে সদৰী কৰে। এই সন্দৰ্ভত বিহু সমিতিসমূহৰ সৈতে কথা-বতৰা পতা আৰম্ভ কৰা বুলি উল্লেখ কৰি তেওঁ কয় যে এই প্ৰচেষ্টাৰ অংশ হিচাপে বিহু সমিতিসমূহক প্ৰদান কৰা আৰ্থিক অনুদান বৃদ্ধি কৰা হ’ব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভূপেন হাজৰিকাৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ধলা-শদিয়াৰ ড০ ভূপেন হাজৰিকা সেতুত ১০০ ফুটৰো অধিক উচ্চতাৰ প্ৰতিমূৰ্তি স্থাপনৰ বাবে ৰাজ্য চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰা বুলি ব্যক্ত কৰে। মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয় যে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ সম্পৰ্ক ভূপেন হাজৰিকাই অধিক শক্তিশালী কৰিছিল। সেই অনুসৰি ধলা শদিয়া দলঙৰ শূন্য পইণ্টত ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তি স্থাপনৰ সিদ্ধান্ত লোৱা হৈছে। এই প্ৰতিমূৰ্তি স্থাপনে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজৰ ৰাইজক সমন্বয় আৰু একতাৰ বাণী দি থাকিব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই আশা প্ৰকাশ কৰে।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই অসমৰ প্ৰত্যেকখন চহৰৰ এটি পথ ভূপেন হাজৰিকাৰ নামত উৎসৰ্গা কৰা হ’ব বুলিও সদৰী কৰে। এই পথটি ৰাজ্য চৰকাৰে সজাই পৰাই তুলিব বুলিও মুখ্যমন্ত্ৰী ড০ শৰ্মাই কয়।

অহা ১০ ডিচেম্বৰত ভূপেন হাজৰিকাৰ অমৰ গীত ‘ছহিদ প্ৰণামো তোমাক’ সমগ্ৰ ৰাজ্যত পৰিৱেশন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ভাষণ প্ৰসংগত উল্লেখ কৰে। তেওঁ কয় যে ভূপেন হাজৰিকাই অসম আন্দোলনৰ ছহিদক সুঁৱৰি ‘ছহিদ প্ৰণামো তোমাক’ গীতটি সৃষ্টি কৰিছিল। অহা ১০ ডিচেম্বৰত ৰাজ্য চৰকাৰে নিৰ্মাণ কৰা অসম আন্দোলনৰ ছহিদ স্মাৰক উদ্ধোধন কৰা হ’ব। সেই দিনাই ৰাজ্যজুৰি ভূপেন হাজৰিকাৰ ‘ছহিদ প্ৰণামো তোমাক’ গীতটি পৰিৱেশন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী ড০ শৰ্মাই ব্যক্ত কৰে।

আজিৰ এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্ৰী বিমল বড়া, ভূপেন হাজৰিকাৰ ভাতৃ সমৰ হাজৰিকা, শোভা হাজৰিকা, ভগ্নী স্তুতি পেটেল উপস্থিত থাকে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ড০ ভূপেন হাজৰিকা সমন্বয় তীৰ্থত সৰ্বধৰ্ম প্ৰাৰ্থনা, নৃত্য, সমৱেত সংগীত, ভূপেন্দ্ৰ সংগীত আদি অনুষ্ঠান অনুষ্ঠিত হয়।