ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

July 12, 2025 7:00 PM | CM | Golaghat

printer

গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ ল’বলৈ কাইলৈ জিলাখনলৈ ৰাওনা মুখ্যমন্ত্ৰী

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই গোলাঘাট জিলাত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ বুজ লবলৈ কাইলৈ জিলাখনলৈ ৰাওনা হব। মুখ্যমন্ত্ৰীৰ আগমনৰ পূৰ্বে সৰুপথাৰৰ বিধায়ক বিশ্বজিত ফুকনে আজি সৰুপথাৰ সমজিলা প্ৰশাসনৰ বিষয়ববীয়াৰ সৈতে চেৱাগুৰি ফিল্ডত হেলিপেডৰ স্থান পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ আগমনৰ প্ৰস্তুতিৰ বুজ লয়।

নাগালেণ্ডত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত গোলাঘাট জিলাৰ ধনশিৰি নৈৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত জিলাখনৰ ৫ খন ৰাজহ চক্ৰ আজি ৮ দিন ধৰি বানৰ কবলত আছে। জিলাখনৰ বিভিন্ন স্থানত মুঠ ৩৩ টা সাহায্য শিবিৰ স্থাপন কৰি জিলা প্ৰশাসনে বন্যার্তলৈ সহায়ৰ হাত আগবঢ়াইছে। মৰঙি ৰাজহ চক্ৰৰ অধীনৰ মুঠ ২৪ খন গাঁৱৰ প্ৰায় ছহেজাৰ লোক বানৰ কবলত পৰিছে। বোকাখাট ৰাজহ চক্ৰৰ মুঠ ৯ খন গাঁৱৰ ৮ সহস্ৰাধিক লোক বানৰ কবলত পৰাৰ বিপৰীতে খুমতাই ৰাজহ চক্ৰৰ অধীনৰ ৩০ খন গাঁও বানত ক্ষতিগ্রস্ত হৈছে। সেইদৰে গোলাঘাট ৰাজহ চক্ৰৰ মুঠ ২৩ খন গাঁৱৰ প্ৰায় দুহেজাৰ লোক এই বানৰ কবলত পৰিছে।