মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি গোলাঘাট জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে। পুৱাৰ ভাগত ড° শৰ্মাই ঐতিহ্যমণ্ডিত শ্ৰীশ্ৰী আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়াৰ ত্ৰিশূলধাৰী মন্দিৰ দৰ্শন কৰে। ইয়াৰ পাছত তেওঁ গোলাঘাট জিলা ক্রীড়া সন্থাৰ ইনড’ৰ ষ্টেডিয়াম মুকলি কৰিব। এই ভ্ৰমণৰ সময়ছোৱাত তেওঁ নৱনিৰ্মিত গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ক্ৰীড়া প্রকল্পও মুকলি কৰিব।
ইফালে, শিৱসাগৰ জিলা ভ্রমণ সামৰি কালি তেওঁ যোৰহাটত উপস্থিত হোৱাৰ পাছত যোৰহাট অভিৱৰ্তন কেন্দ্ৰত সমাজৰ অগ্ৰণী ব্যক্তিসকলৰ সৈতে মত বিনিময় কৰে। তেওঁলোকৰ পৰা লাভ কৰা বিভিন্ন দিহা-পৰামৰ্শ পৰৱৰ্তী সময়ত বাস্তৱত ৰূপায়িত কৰিবলৈ চেষ্টা কৰিব বুলি তেওঁ প্ৰকাশ কৰে ।