নৱেম্বৰ আৰু ডিচেম্বৰৰ ভিতৰত ৰাজ্য চৰকাৰৰ সকলো বিভাগৰে নিযুক্তি প্ৰক্ৰিয়া সমাপ্ত কৰা হ’ব। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক পদৰ বাবে উত্তীৰ্ণ প্ৰাৰ্থীসকলক পৰহিলৈ নিযুক্তিপত্ৰ প্ৰদান কৰা হ’ব। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কালি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। তেওঁ লগতে নৱেম্বৰত কনিষ্ঠবল পদসমূহতো নিযুক্তি দিয়া হ’ব বুলিও জানিবলৈ দিয়ে। এই নিযুক্তিপত্ৰ বিতৰণৰ পিছদিনাই নতুনকৈ চাৰি হাজাৰ আৰক্ষীৰ পদত নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। একেদৰে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষাৰ তৃতীয় আৰু চতুৰ্থবৰ্গৰ পৰীক্ষাত উত্তীৰ্ণ প্ৰাৰ্থীসকলক নৱেম্বৰৰ শেষত বা ডিচেম্বৰৰ প্ৰথমভাগত নিযুক্তি দিয়া হ’ব। স্বাস্থ্য বিভাগৰ নিযুক্তিও এই মাহতে হ’ব বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে চাহ বাগিচাৰ যুৱক-যুৱতীসকলক পাছত একেলগে নিযুক্তি পত্ৰ দিয়া হ’ব।
ইপিনে, উচ্ছেদৰ প্ৰসংগ উল্লেখ কৰি ড০ শৰ্মাই কয়, যে ৰাজ্যত অবৈধভাৱে দখলিকৃত ভূমিত উচ্ছেদ অভিযান চলি থাকিব। অহা ৯ আৰু ১০ নৱেম্বৰত গোৱালপাৰা জিলাৰ দহিকঁটা বনাঞ্চলত উচ্ছেদ চলোৱা হ’ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।