সন্ত্ৰাসবাদবিৰোধী যুঁজক নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী মোদীৰ নেতৃত্বৰ প্ৰতি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সম্পূৰ্ণ আস্থা প্ৰকাশ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই সন্ত্ৰাসবাদ বিৰোধী যুঁজখনক এটা নির্ণায়ক পৰ্যায়লৈ লৈ যোৱাৰ ক্ষেত্ৰত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নেতৃত্বৰ প্ৰতি সম্পূৰ্ণ আস্থা প্ৰকাশ কৰিছে। শ্ৰী মোদীৰ নেতৃত্বত শূন্য সহনশীল নীতিৰ জৰিয়তে শত্ৰু ৰাষ্ট্ৰসমূহক যোগ্য প্ৰত্যুত্তৰ দিব পৰা যাব বুলি ড০ শৰ্মাই মন্তব্য কৰিছে। কালি গুৱাহাটী বিশ্ববিদ্যালয়ৰ দ্বাত্রিংশ দীক্ষান্ত সমাৰোহত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। ভাষণ প্ৰসংগত তেওঁ পহলগামৰ সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক গৰিহণা দি এই আক্ৰমণত নিহতসকলৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে তেওঁলোকৰ পৰিয়াললৈ গভীৰ সমাবেদনা জ্ঞাপন কৰে। অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্ৰীয়ে ৰাজ্যখনে বহু বছৰৰ পিছত ধৰ্ণা বন্ধ আন্দোলন, বন্দুক-গুলীৰ পৰিৱৰ্তে এটা নতুন যুগৰ দিশে আগবাঢ়িছে বুলি উল্লেখ কৰি কয়, যে দেশে বর্তমান বিজ্ঞান, সংস্কৃতি, শিক্ষা, ক্রীড়া আদি বিভিন্ন ক্ষেত্ৰত বিশ্বৰ ভিতৰতে বিশেষ স্থান লাভ কৰিবলৈ সমৰ্থ হৈছে। তিনি হাজাৰ ৫৯৩ গৰাকী শিক্ষাৰ্থীক স্নাতক আৰু স্নাতকোত্তৰ ডিগ্ৰী আৰু ১৪৮ গৰাকীক পি এইচ ডি ডিগ্ৰী প্ৰদান কৰি ড০ শৰ্মাই অহা ১০ বছৰত নতুন অসমৰ নেতৃত্ব ল’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীসকলক প্ৰস্তুত কৰি তুলিবলৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রতি আহ্বান জনায়। কালিৰ এই সমাৰোহত বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই গুৱাহাটীৰ ডাঃ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক তথা কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ অমল চন্দ্র কটকীক সন্মানীয় ডক্টৰ অৱ ছায়েন্স ডিগ্রী প্রদান কৰে। আন এগৰাকী কৰ্কট ৰোগ বিশেষজ্ঞ ডাঃ তপন কুমাৰ শ‍ইকীয়া আৰু অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চাওনা মেইনক জনজীৱনৰ প্ৰতি আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে সন্মানীয় ডক্টৰেট ডিগ্ৰী প্ৰদান কৰা হয় ৷

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।