January 21, 2026 12:43 PM | CM dovas

printer

বর্ল্ড ইক’ন’মিক ফ’ৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রীৰ কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ

 ছুইজাৰলেণ্ডৰ ডাভছত অনুষ্ঠিত বর্ল্ড ইকমিক ফৰামত দেশৰ অন্যতম প্রতিনিধিৰূপে উপস্থিত থকা মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কালি কেইবাটাও গুৰুত্বপূৰ্ণ কাৰ্যসূচীত অংশগ্রহণ কৰে। ভাৰত পেভেলিয়নৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থকাৰ লগতে তেওঁ গোলকীয় ছেমি কণ্ডাক্টৰ উদ্যোগৰ প্ৰতিনিধিসকলৰ সৈতে এখন বৈঠকতো অংশ লয়। এই বৈঠকত ছিনপছিছ, কোৱালকম, এনালগ ডিভাইচেছ, থার্মফিচাৰ, হনিৱেল আৰু হেংকেল আদি বিশ্বৰ আগশাৰীৰ প্ৰতিষ্ঠানৰ প্ৰতিনিধিৰ সৈতে ৬০ শৰ্মাই মত বিনিময় কৰে। এই প্রতিষ্ঠানসমূহে নিজ নিজ কর্মক্ষেত্রত উৎকৃষ্টতা প্রদর্শন কৰি ৰাজ্যখনত অংশীদাৰিত্ব কৰিবলৈ আগ্রহ প্রকাশ কৰিছে বুলিও তেওঁ উল্লেখ কৰে। কেন্দ্রীয় চৰকাৰৰ এক্ট-ইষ্ট নীতিৰ অধীনত অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে মুখ্যমন্ত্রীয়ে উল্লেখ কৰে। এই প্ৰসংগতে তেওঁ জাগীৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্প আৰু উন্নয়নৰ ক্ষেত্ৰত ইয়াৰ সম্ভাব্য সুদূৰপ্ৰসাৰী প্ৰভাৱৰ বিষয়েও মন্তব্য কৰে।

অসমত বিনিয়োগ সম্ভাবনা অন্বেষণ সন্দৰ্ভত আই বি এমৰ উপাধ্যক্ষ গেৰী কনৰ সৈতেও মুখ্যমন্ত্ৰীগৰাকী বৈঠকত মিলিত হয়। দক্ষতা বিকাশ, কৃত্রিম বুদ্ধিমত্তাৰ ব্যৱহাৰ আৰু প্ৰযুক্তি সম্পৰ্কীয় পদক্ষেপসমূহৰ সুযোগ আৰু মূল্যায়ন কৰিবলৈ আই বি এমৰ প্ৰতিনিধি দল এটা শীঘ্রেই গুৱাহাটীত উপস্থিত হব বুলি তেওঁ প্রকাশ কৰে।

মুখ্যমন্ত্রী ড০ শর্মাই কালি SECURING A FUTURE READY WORKFORCE FOR THE NEXT INDUSTRIAL ERA শীর্ষক অধিবেশনতো অংশগ্রহণ কৰি ভৱিষ্যমুখী কর্মশক্তি গঢ়াৰ ক্ষেত্ৰত অসমৰ দৃষ্টিভংগী আৰু উদ্যোগসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

উল্লেখযোগ্য যে সম্মিলনৰ ৫৬ সংখ্যক এই বার্ষিক বৈঠকত বিশ্বৰ ৩ হাজাৰৰো অধিক নেতাই অংশগ্রহণ কৰিছে। অহা ২৩ জানুৱাৰীত সন্মিলনৰ সামৰণি পৰিব।