ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। ডিব্ৰুগড় চহৰৰ ব্যস্ততাপূৰ্ণ অঞ্চল কনভয় ৰোড আৰু পুৰণি ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থলত নিৰ্মাণ কৰা উৰণ সেতু আৰু থানা চাৰিআলিৰ-চৌকিডিঙি চাৰিআলিৰ মাজৰ মানকটা পথৰ নৱনিৰ্মিত উৰণ সেতু উদ্বোধন কৰি কালি মুখ্যমন্ত্ৰী ড° শৰ্মাই কয়, যে ডিব্ৰুগড়ত মুখ্যমন্ত্ৰী সচিবালয় আৰু অসম সচিবালয় নিৰ্মাণৰ কাম অহা ছেপ্তেম্বৰত আৰম্ভ কৰা হ‘ব। জিলাখনত বিধানসভা ভৱন, পোন্ধৰশ ব্যক্তি একেলগে বহিব পৰা প্ৰেক্ষাগৃহ, বিধায়কসকলৰ আবাস আৰু ১০০ খন বিচনাযুক্ত আৱতভৱন নিৰ্মাণ কৰা বিষয়টো উল্লেখ কৰি মুখ্যমন্ত্রীয়ে কয়, যে অসম বিধানসভাৰ অধিৱেশন বছৰত দুবাৰ গুৱাহাটীত আৰু দুবাৰ ডিব্ৰুগড়ত অনুষ্ঠিত কৰা হ‘ব। গুৱাহাটী-ডিব্ৰুগড়ৰ মাজৰ বিকল্প ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণৰ কাম অহা ৩১ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ‘ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। এই ৰাষ্ট্ৰীয় ঘাইপথটো মুকলিৰ বাবে তেওঁ মৰাণত বিমানেৰে অবতৰন কৰিব বুলি আশা প্রকাশ কৰি এই পথটোৰ নিৰ্মাণ সম্পূৰ্ণ হ‘লে গুৱাহাটীৰ পৰা ডিব্ৰুগড় ৫ ঘণ্টাৰ ভিতৰত গৈ পোৱাটো সম্ভৱ হ‘ব বুলি তেওঁ কয় ।
ডিব্ৰুগড় পৌৰ নিগমৰ আয়ুক্ত হিচাপে এগৰাকী ভাৰতীয় প্ৰশাসনিক বিষয়াক নিযুক্তি দিয়াৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লোৱা বুলিও তেওঁ কয়। নামৰূপ সাৰ কাৰখানা পুনৰ উজ্জীৱিত কৰাৰ লগতে নতুন সাৰ কাৰখানা নিৰ্মাণৰ দিশত কেন্দ্ৰীয় চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে ভাষণত উল্লেখ কৰে । নুমলীগড় শোধনাগাৰে নামৰূপত ৭০০ কোটি টকা ব্যয় সাপেক্ষে এটা মিথালন প্রকল্প গঢ়ি তুলিব বুলিও তেওঁ সদৰি কৰে। গহপুৰ আৰু নুমলীগড়ৰ মাজত ১২ হাজাৰ কোটি টকা ব্যয় সাপেক্ষে সুৰংগ নিৰ্মাণৰ ক্ষেত্ৰত চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তৰ বিষয়েও মুখ্যমন্ত্ৰীয়ে কয়। ভাষণ প্ৰসংগত তেওঁ কাজিৰঙাত ৩২ কিলোমিটাৰ দৈৰ্ঘ্যৰ এলিভেটেড ক‘ৰিড‘ৰৰ কথা উল্লেখ কৰে ।
Site Admin | April 28, 2025 12:31 PM | CM dibrugarh
ডিব্ৰুগড় চহৰক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে মর্যাদা প্ৰদান কৰা হৈছে বুলি মুখ্যমন্ত্রীৰ ঘোষণা
