December 17, 2025 12:56 PM | CM dibrugarh

printer

ড০ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কাৰ্যসূচীত অংশগ্রহণ

মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্রভাত কার্যসূচীত অংশগ্রহণ কৰিছে। এই কাৰ্যসূচীৰ অধীনত তেওঁ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। মুখ্যমন্ত্রী ড০ শর্মাই টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ ২৩ হাজাৰ ৭৯১ গৰাকী মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা অভিযানৰ অধীনত ১০ হাজাৰকৈ টকাৰ চেক বিতৰণ কৰিব। তদুপৰি তেওঁ মৰাণত ১২ কোটি ৩২ লাখ টকা ব্যয়ৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্রীড়া প্রকল্প উদ্বোধন কৰিব। আনহাতে মুখ্যমন্ত্রী ড০ শৰ্মাই তৃতীয় পর্যায়ৰ অসম মালাৰ অধীনত ৩৬ কোটি ৯২ লাখ টকা ব্যয়ৰে মৰাণ-নিতাই পথৰ মৰাণ টাউনক্লাবৰ পৰা গজপুৰীয়া লুকুমাৰী অংশৰ ৯ দশমিক ৩ কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু বহলীকৰণৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে তেওঁ ১৯ কোটি ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰিবলগীয়া টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্রী আঁচনিৰ অধীনত ২ কোটি ১৫ লাখ টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ আৰক্ষী থানা ভৱনৰ আধাৰশিলা স্থাপন কৰিব।