October 8, 2025 11:50 AM | CM dibrugarh

printer

ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব

চাৰিদিনীয়া ভ্ৰমণসূচীৰে কালি উজনি অসমত উপস্থিত হোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ত এটা স্বয়ংক্রিয় যান-বাহন উপযোগিতা পৰীক্ষণ কেন্দ্ৰ মুকলি কৰিব। এই পৰীক্ষণ কেন্দ্ৰটোৰ জৰিয়তে যান-বাহন উপযোগিতাৰ দ্ৰুত পৰীক্ষণ প্ৰক্ৰিয়া সম্ভৱ হ’ব। মুখ্যমন্ত্রী ড০ শৰ্মাই আজি তিনিচুকীয়াত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব। তিনিচুকীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টিংৰাই ক্লাব খেলপথাৰত এই উপলক্ষে আয়োজিত সভাত অংশগ্ৰহণ কৰি তেওঁ বিধানসভা সমষ্টিটোৰ মুঠ ১৪ হাজাৰ ৩০৬ গৰাকী মহিলাক মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ ধন প্ৰদান কৰিব। আজি মুখ্যমন্ত্ৰীয়ে ধন প্ৰদান কৰিবলগীয়া মহিলাসকলৰ ভিতৰত গ্ৰাম্য আত্মসহায়ক গোটৰ ১০ হাজাৰ ৬৬৯ গৰাকী আৰু নগৰীয় আত্মসহায়ক গোটৰ ৩ হাজাৰ ৬৪৭ গৰাকী হিতাধিকাৰী আছে। তদুপৰি মুখ্যমন্ত্ৰীয়ে এই ভ্ৰমণ কালত ডিব্ৰুগড় আৰু ধেমাজি জিলাত কেইবাটাও উন্নয়নমূলক কাৰ্যসূচীত অংশ ল’ব।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।