ডাউনলোড
মোবাইল এপ

android apple
signal

September 4, 2025 6:51 PM | Cm dhakiajuli

printer

মহিলা উদ্যমিতা অভিযানৰ অধীনত ঢেকীয়াজুলিত ৩১,২২৪ গৰাকী সদস্যাক মুখ্যমন্ত্ৰীৰ চেক বিতৰণ

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকীয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ ৩১ হাজাৰ ২২৪ গৰাকী সদস্যাক চেক বিতৰণ কৰে। ইয়াৰে ২৯ হাজাৰ ৫২৩ গৰাকী গ্ৰামাঞ্চলৰ আৰু এহেজাৰ ৭০১ গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। এই উপলক্ষে ঢেকীয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয়, যে এই আঁচনিয়ে মহিলাসকলৰ মাজত নতুন কর্মস্পৃহা জগাই তুলি তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব। তেওঁ কয়, যে ৰাজ্যত বৰ্তমান ৪ লাখ আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সৈতে ৪০ লাখ মহিলা জড়িত হৈ আছে। তেওঁ লগতে কয়, যে ইয়াৰে ৮ লাখ ৫০ হাজাৰ মহিলাই বছৰত এক লাখ টকাকৈ উপাৰ্জন কৰে। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বিগত ৪ বছৰত ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰি ড০ শৰ্মাই কয়, যে মুখ্যমন্ত্ৰী হিচাপে তেওঁৰ কাৰ্যকালত বাল্য বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাকে ধৰি নিযুত ম‍ইনাৰ দৰে বহু আঁচনি গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয়, যে অহা ১৭ ছেপ্তেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত মহিলাসকলক মাহিলী এহেজাৰ ২৫০ টকাকৈ প্ৰদান কৰা হ’ব। অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা ২৫০ টকাকৈ ৰাজ সাহায্য পাব বুলিও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।

ড° শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিচাত অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন কৰে। ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনী ঘৰৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰঙাপৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেচনৰ অধ্যক্ষ জনার্ধনা দাস উপস্থিত থাকে। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনী ঘৰৰ জৰিয়তে প্রধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ গুণগত আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰৰ যোগান, শিশুৰ পুষ্টিহীনতা নিৰ্মূলৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।