মুখ্যমন্ত্ৰী ডেছ বৰ্ডত মৰিগাঁও জিলা ষষ্ঠ স্থানলৈ উন্নীত

মৰিগাঁও জিলাই মুখ্যমন্ত্ৰী ডেছ বৰ্ডত ষষ্ঠ স্থানলৈ উন্নীত হোৱাৰ লগতে ৰাজ্যৰ ভিতৰতে অন্যতম সফল জিলা হিচাপে পৰিগণিত হৈছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতাৰ ভিত্তিত মুখ্যমন্ত্রী ডেছ ব’ৰ্ডত থকা ১৬টা বিভিন্ন বিভাগৰ কাম-কাজ আৰু সেৱা মূল্যায়নৰ ভিত্তিত জিলাখনে এই স্থান লাভ কৰিছে। গুৱাহাটী অনুষ্ঠিত হোৱা আয়ুক্তসকলৰ সন্মিলনত এই কথা প্ৰকাশ কৰা হৈছে। পূৰ্বৰ ২৩ সংখ্যক স্থানৰ পৰা শীৰ্ষ ১০খন জিলা তালিকাত অন্তৰ্ভুক্ত হোৱাত স্বাভাৱিকতে মৰিগাঁও জিলাবাসী উৎফুল্লিত হৈ পৰিছে। জিলাসমূহৰ প্ৰদৰ্শন আৰু পাৰদৰ্শিতা নিৰূপণ কৰাৰ লগতে পৰস্পৰৰ মাজত সুস্থ প্রতিযোগিতাৰ পৰিবেশ গঢ় দিয়া আৰু ৰাইজৰ বাবে আগবঢ়োৱা সেৱাৰ মান উন্নত কৰিবৰ বাবে মুখ্যমন্ত্ৰী ডেছ ব’ৰ্ডত ১৬টা বিভিন্ন বিভাগৰ সেৱা আৰু কাম-কাজৰ মূল্যায়ন কৰা হয়। এই ১৬টা বিভাগৰ ভিতৰত আছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন, বিদ্যালয় শিক্ষা, কৃষি, ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা, গৃহ নিৰ্মাণ আৰু নগৰ পৰিকল্পনা, খাদ্য, ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, পৰিবহণ, তথ্য প্রযুক্তি, আবকাৰী, বিত্ত, মীন, ভূমি সংৰক্ষণ, চিকিৎসা শিক্ষা আৰু গৱেষণা তথা মহিলা আৰু শিশু বিকাশ বিভাগ। ৪০টা বিভিন্ন পৰিমাপকৰ কাম-কাজৰ মূল্যায়নৰ ভিত্তিত ডেছ বৰ্ডৰ জিলাসমূহৰ স্থান নিৰূপণ কৰা হৈছে।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।