ডাউনলোড
মোবাইল এপ

android apple
Listen to live radio

June 20, 2024 7:44 PM | CM assam

printer

মঙলদৈত আজি অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি দৰং জিলাৰ মঙলদৈত নির্মীয়মান অসম দক্ষতা বিশ্ববিদ্যালয়ৰ স্থায়ী চৌহদ পৰিদৰ্শন কৰি নিৰ্মাণকাৰ্যৰ বিভিন্ন দিশ পর্যালোচনা কৰে। পৰিদৰ্শনৰ অন্তত মুখ্যমন্ত্ৰীগৰাকীয়ে বিশ্ববিদ্যালয়খনৰ নিৰ্মাণকাৰ্য অহা বছৰৰ ভিতৰত শেষ হ’ব বুলি আশা প্রকাশ কৰে। পৰিদৰ্শনকালত মুখ্যমন্ত্ৰীৰ সৈতে দক্ষতা, নিয়োগ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱা উপস্থিত থাকে। মন্ত্ৰী শ্ৰী মল্লবৰুৱাই কয় যে সকলোধৰণৰ আধুনিক সা- সুবিধাৰে পৰিপূৰ্ণ ২৫০ বিঘা ভূমি সামৰি নিৰ্মাণ কৰা এই বিশ্ববিদ্যালয়খনে ৰাজ্যৰ যুৱ-প্ৰজন্মক পাৰদৰ্শী কৰি তুলিব ইপিনে, মুখ্যমন্ত্রী ড° শৰ্মাই নির্মীয়মান মঙলদৈ বাইপাছৰ অগ্ৰগতিৰো বুজ লয়।

অধিক পঢ়ক

সকলো চাওক

কোনো পোষ্ট পোৱা নগ'ল।